অসম

শোকাৱহ ঘটনা! বন্যহস্তীৰ আক্ৰমণত কৰুণ মৃত্যু কণমানি পুত্ৰসহ পিতৃৰ…

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত।

নুমলীগড়ৰ ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাতৰ ভয়াৱহ ৰূপ।

বন্যহস্তীৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটিলে পিতা-পুত্ৰই।

নিশা নুমলীগড়ৰ কাষৰীয়া বকিয়াল ২নং বুঢ়াগোহাঁই খাটত বন্যহস্তীৰ আক্ৰমণত নিহত হয় পিতা-পুত্ৰ।

নিহত পিতৃৰ নাম বিকাশ বৈষ্ণৱ আৰু ২ বছৰীয়া পুত্ৰৰ নাম জ্ঞানদীপ বৈষ্ণৱ। 

এটা বৃহৎ হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে অতৰ্কিতে পৰিয়ালটোৰ বাসগৃহত আক্ৰমণ কৰে।

কণমানি জ্ঞানদীপ বৈষ্ণৱ হাতীৰ আক্ৰমণত থিতাতে নিহত হোৱাৰ বিপৰীতে পিতৃ বিকাশ বৈষ্ণৱৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়।

ইফালে বাৰম্বাৰ খবৰ দিয়াৰ পিছতো কাষতে থকা বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ দল বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত।

Leave a Reply

Your email address will not be published. Required fields are marked *