বানৰ মাজতে অঘটন! উন্মুক্ত ট্ৰেন্সফৰ্মাৰৰ সমীপৰ পানী স্পৰ্শ কৰি শিক্ষকৰ মৃত্যু…

এক শোকাৱহ ঘটনা।

প্ৰাতঃভ্ৰমণলৈ ওলাই গৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী টেট শিক্ষকে।

উন্মুক্ত ট্ৰেন্সফৰ্মাৰৰ সমীপৰ পানী স্পৰ্শ কৰি প্ৰাণ হেৰুৱাই এগৰাকী শিক্ষকে।

বৰক্ষেত্ৰীৰ ঘোঁৰাথালত সংঘটিত হৈছে এই কৰুণ ঘটনা।

বিদ্যুৎ বিভাগৰ মৰণ ফাণ্ডত পৰি মৃত্যু হয় ভৱেশ দাস নামৰ শিক্ষকজনৰ।

বৰপেটাৰ মন্দিয়াৰ গুৰলা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল ভৱেশ দাস।

এটি এবছৰীয়া সন্তানৰো পিতৃ আছিল ভৱেশ দাস।

ভৱেশ দাসৰ অকাল মৃত্যুত এতিয়া কান্দোনৰ ৰোল উঠিছে পৰিয়ালত।

অমায়িক শিক্ষক ভৱেশ দাসৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে ঘোঁৰাথাল গাঁও।