অসম

ৰাজ্যিক বিজেপিয়ে ঘোষণা কৰিলে কাৰ্যনিৰ্বাহক সমিতি, ২২-২৩ ছেপ্টেম্বৰত হ’ব কাৰ্যনিৰ্বাহক সভা…

ৰাজ্যিক বিজেপিয়ে ঘোষণা কৰিলে বহু অপেক্ষাৰত দলৰ কাৰ্যনিৰ্বাহক সমিতি।

সমিতিখনত অসম প্ৰদেশ বিজেপিৰ পিতামহ স্বৰূপ কবীন্দ্ৰ পুৰকায়স্থকে ধৰি বৰ্তমান জীৱিত সকলো প্ৰাক্তন সভাপতিকে অৱধাৰিতভাৱে ৰখা হৈছে।

কাৰ্যকৰী সমিতিত আছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন সভাপতি ৰণজিৎ কুমাৰ দাস, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ভাৰত চৰকাৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী।

লগতে আছে প্ৰাক্তন সভাপতি নাৰায়ণ বৰকটকী, প্ৰাক্তন সভাপতি ৰাজেন গোঁহাই, প্ৰাক্তন সভাপতি ৰমেন ডেকা, প্ৰাক্তন সভাপতি ৰঞ্জিত দত্ত, প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তী, হৰেকৃষ্ণ ভড়ালী, পৰিমল শুক্লবৈদ্য, চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মহন, পীযূষ হাজৰিকা, অশোক সিংহল, ৰণোজ পেগু, বিমল বৰা, অজন্তা নেওগ, সঞ্জয় কিষাণ, ভুবনেশ্বৰ কলিতা, কুইন ওজাকে ধৰি ১৮৯জন সদস্য৷

কাৰ্যনিৰ্বাহকত আমন্ত্ৰিত সদস্য হিচাপে স্থান লাভ কৰিছে ৫৭জনে৷

আনহাতে তালিকাখনত বিশেষ আমন্ত্ৰিত সদস্যৰ তালিকাত ৮৮জনৰ নাম সন্নিৱিষ্ট হৈছে৷

কাৰ্যকৰী সমিতিত স্থান লাভ কৰিছে কংগ্ৰেছ ত্যাগ কৰি অহা বহুকেইজন ন-বিজেপিয়ে।

উল্লেখ্য যে, ভৱেশ কলিতাৰ সভাপতিত্বত অহা ২২-২৩ ছেপ্টেম্বৰত উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত অনুষ্ঠিত হ’ব বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠক।

Leave a Reply

Your email address will not be published. Required fields are marked *