ভয়াৱহ বান পৰিস্থিতি! ৰে’ল লাইনৰ ওপৰেৰে বাগৰিছে পানী, যাতায়ত ব্যাহত…

ধাৰাবাহিক বৰষুণে জটিল ৰূপ সৃষ্টি কৰিছে ৰাজ্যত।

ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে সৃষ্টি হৈছে বান পানী।

বাঢ়নী পানীয়ে প্ৰতিখন জিলাতে সৃষ্টি কৰিছে জটিল ৰূপ।

হোজাইতো অধিক ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি।

photo 2022 06 18 10 40 25
ভয়াৱহ বান পৰিস্থিতি! ৰে’ল লাইনৰ ওপৰেৰে বাগৰিছে পানী, যাতায়ত ব্যাহত... 2

যোগীজান যমুনামুখ সংযোগী ৰে’ল পথৰ ওপৰেৰে বাগৰিছে পানী।

যি কোনো মুহূৰ্ততে উটুৱাই লৈ যাব পাৰে হোজাই যমুনামুখ সংযোগী ৰে’লপথ।

চৰকাৰ তথা জিলা প্ৰশাসনৰ ফালৰ পৰা কোনোধৰণৰ সহায়-সহযোগীতা নোপোৱাৰো অভিযোগ স্থানীয়ৰ।

উল্লেখ্য যে, শুক্ৰবাৰে নিশা হোজাইৰ ৰাইকাটা অঞ্চলত সংঘটিত হয় ভয়ংকৰ নাও দুৰ্ঘটনা। যাৰ ফলত শিশুসহ নিখোজ হৈ পৰে কেইবাজনো লোক।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰি কৰা অনুসৰি ৰাজ্যৰ প্ৰায় ২৮ খন জিলা বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। এই জিলাসমূহত, বানপানীৰ ফলত প্ৰায় ১৯ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।

1 thought on “ভয়াৱহ বান পৰিস্থিতি! ৰে’ল লাইনৰ ওপৰেৰে বাগৰিছে পানী, যাতায়ত ব্যাহত…”

Comments are closed.