‘কংগ্ৰেছ আৰু নাই, কংগ্ৰেছ এতিয়া শূন্য। ভূপেন বৰা আমাৰ দললৈ আহক, নহ’লে বিজেপিলৈ যাওক।’
‘কংগ্ৰেছ শেষ হৈ গৈছে, দলটো বচাবলৈ ভূপেন বৰাৰ দৰে মানুহবোৰক আঁতৰাব লাগিব৷ আমাৰ দল সকলোৰে বাবে খোলা আছে৷’
এই মন্তব্য AIUDF ৰ প্ৰধান বদৰুদ্দিন আজমলে।
লগতে তেওঁ কয়- আমি অকলে যুঁজিম, নিৰ্বাচনত কংগ্ৰেছ হাৰিয়ে আছে। নিৰ্বাচনৰ সময়ত কাৰ পেটৰ বিষ হয়, ঠিক নাই৷
আনহাতে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত দুখ প্ৰকাশ কৰে আজমলে।
তেওঁ প্ৰধানমন্ত্ৰী মোদীক ৰাজ্যৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ আহ্বান জনায়।
আজমলে কয়- ‘মই প্ৰধানমন্ত্ৰীক অনুৰোধ কৰিছো, অসমৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰক। বান পৰিস্থিতিৰ এৰিয়েল ছাৰ্ভে কৰক।’









