শিক্ষকৰ প্ৰতি কঠোৰ হ’ব ৰাজ্য চৰকাৰ।
বিদ্যালয়ত শিক্ষাদানৰ বাহিৰে শিক্ষকে কৰিব নোৱাৰিব অন্য কাম। লাগিলে সেয়া কোনো সাংবাদিকতাই হওক বা জীৱন বীমাৰ কাম বা কোনো ৰাজনীতিৰ কাম। শিক্ষকৰ কাম কেৱল শিক্ষাদান কৰা।
চৰকাৰী বিদ্যালয়ত মেট্ৰিক পৰীক্ষাৰ ফলাফল এইবাৰ আশা কৰা ধৰণে নোহোৱাৰ পিছতে চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱাৰ ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে LICৰ এজেণ্ট ৰূপী শিক্ষকক লৈ কঠোৰ হোৱাৰ কথা প্ৰকাশ কৰি এনে শিক্ষকৰ তালিকা প্ৰস্তুত কৰাৰ লগতে শুনানি অনুষ্ঠিত কৰাৰ আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰিছে।
উল্লেখ্য যে, শিক্ষকে LICৰ এজেণ্ট হিচাপে কাম কৰি থকা বিষয়টো পূৰ্বেই দৃষ্টিগোচৰ হৈছিল ৰাজ্যৰ শিক্ষা বিভাগৰ।
ইতিমধ্যে চৰকাৰ তথা শিক্ষা বিভাগে এনে বহু শিক্ষকৰ বিৰুদ্ধে লিখিত অভিযোগো লাভ কৰিছে বুলি জানিব পৰা গৈছে। সেই অভিযোগৰ ভিত্তিতে মাধ্যমিক শিক্ষা বিভাগে এল আই চি এজেণ্ট ৰূপী শিক্ষকৰ এক তালিকাও প্ৰস্তুত কৰিছে।

এই তালিকাৰ ভিত্তিতে জিলা শিক্ষা পৰিদৰ্শকৰ জৰিয়তে অনুসন্ধান কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
আনহাতে আন একাংশ শিক্ষকে পত্নীক এল আই চিৰ এজেণ্ট হিচাপি ৰাখি নিজেই সেই কামত ব্যস্ত থকাৰো অভিযোগ লাভ কৰিছে। এনে শিক্ষকৰ বিৰুদ্ধেও বিভাগে ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ কৰিছে।
তেজপুৰত মন্ত্ৰী সকলৰ সৈতে থকা কেবিনেট বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা সাক্ষাতত মুখ্যমন্ত্ৰীয়ে কয় যে, এতিয়াৰে পৰা চৰকাৰ শিক্ষকৰ প্ৰতি কঠোৰ হব। বিদ্যালয়ত শিক্ষাদানৰ বাহিৰে শিক্ষকে কৰিব নোৱাৰিব অন্য কাম। লাগিলে সেয়া কোনো সাংবাদিকতাই হওক বা জীৱন বীমাৰ কাম বা কোনো ৰাজনীতিৰ কাম। শিক্ষকৰ কাম কেৱল শিক্ষাদান কৰা।
লগতে মুখ্যমন্ত্ৰীয়ে শিক্ষক সকলে দিয়া ধৰ্ণা সন্দৰ্ভত কয় যে, শিক্ষক সকলে ধৰ্ণা দিয়া কামটো পাঠদানৰ সময়ৰ সলনি দেওবাৰে কৰিব পাৰে। তেতিয়া ছাত্ৰ-ছাত্ৰী শিক্ষালাভৰ পৰা বঞ্চিত নহয়, শিক্ষক সকলেও ধৰ্ণা দিব পাৰে।









