ৰাষ্ট্ৰীয়

নিজেই পিন্ধিলে মংগলসূত্ৰ, শিৰত ল’লে সেন্দূৰ- সম্পন্ন হ’ল বহু চৰ্চিত ক্ষমা বিন্দুৰ বিয়া…

সমুখত হোমৰ জুই, নিজেই বৰমালা পৰিধান কৰি শিৰত ল’লে সেন্দুৰ।

অৱশেষত সম্পন্ন হ’ল বহু চৰ্চিত ক্ষমা বিন্দুৰ বিবাহ।

সকলো ৰীতি-নীতিৰে পৰিয়ালৰ উপস্থিতি আৰু আশিৰ্বাদেৰে বিবাহ সম্পন্ন হয় গুজৰাট ক্ষমা বিন্দুৰ।

image 108

২৪ বছৰীয়া যুৱতী ক্ষমা বিন্দুয়ে নিৰ্দ্ধাৰিত তাৰিখৰ পূৰ্বেই নিজৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল।

তেওঁৰ বিবাহৰ দিন ১১ জুনত নিৰ্দ্ধাৰণ কৰা হৈছিল যদিও বিন্দুৱে নিৰ্দ্ধাৰিত তাৰিখৰ দুদিন আগতে অর্থাৎ ৯ জুনত বিয়াত বহে।

উল্লেখ্য যে, বিন্দুৰ এই বিবাহ দেশৰ একক বিবাহৰ প্রথম উদাহৰণ হিচাপে গণ্য কৰা হৈছে।

image 107

কেৱল বিয়া হোৱাই নহয়, বিবাহৰ পূৰ্বে মেহেন্দীৰ অনুষ্ঠান, হালধীৰ অনুষ্ঠান আদিয়ো অনুষ্ঠিত কৰে ক্ষমাই।

বিয়াখনত কেৱল দৰায়েই নহয়, পুৰোহিতো নাছিল। বিয়াৰ সকলো ৰীতি-নীতি ঘৰত ডিজিটেলভাৱে অনুষ্ঠিত হৈছিল।

image 109

বিয়াৰ সময়ত বিন্দুৰ বন্ধু আৰু শুভাকাংক্ষীসকলে পূষ্পবৃষ্টি কৰে।

যুৱতী গৰাকীৰ একক বিবাহৰ আয়োজনৰ বিষয়ে প্ৰচাৰ হোৱাত গুজৰাটৰ এগৰাকী বিজেপি নেতাই সেয়া মন্দিৰত হ’বলৈ নিদিয়ে বুলি হুংকাৰ দিয়াৰ পাছত বিবাহৰ নিৰ্দ্ধাৰিত দিনৰ দুদিন পূর্বেই এই কার্য সম্পাদন কৰে।

বিবাহ সম্পন্ন হোৱাৰ পিছত বিন্দুৱে কয়, ‘মই এগৰাকী বিবাহিত মহিলা হ’বলৈ পাই অতি সুখী। তেওঁ লগতে কয়, আন কইনাসকলৰ দৰে, ম‍ই বিয়াৰ পিছত মোৰ ঘৰ এৰিব নালাগিব।’