মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বিভাগ কৰ্তন! দিয়া হ’ল নতুন দায়িত্ব, জানক সৱিশেষ

নিউজ ডেস্কঃ আজি ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিচাপে শপত ল’লে নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাই।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি ৩ বজাত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত দুয়োগৰাকীয়ে শপত বাক্য পাঠ কৰি মন্ত্ৰীসভাৰ অন্তৰ্ভূক্ত হয়।

G9
মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বিভাগ কৰ্তন! দিয়া হ’ল নতুন দায়িত্ব, জানক সৱিশেষ 9

আনহাতে আজিৰ দিনটোতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীৰ বিভাগ সালসলনি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

jayantamalla
মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বিভাগ কৰ্তন! দিয়া হ’ল নতুন দায়িত্ব, জানক সৱিশেষ 10

বিভাগ সলনি কৰা মন্ত্ৰী সকলৰ ভিতৰত অন্যতম চন্দ্ৰমোহন পাটোৱাৰী, পৰিমল শুক্লবৈদ্য, বিমল বৰা।

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পৰা পূৰ্বৰ দুটাকৈ বিভাগ কৰ্তন কৰি নতুনকৈ পৰিৱেশ, বন বিভাগৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে দিয়া হৈছে এক্ট ইষ্ট আৰু সংখ্যালঘু পৰিক্রমা বিভাগৰ দায়িত্বও।

2
মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বিভাগ কৰ্তন! দিয়া হ’ল নতুন দায়িত্ব, জানক সৱিশেষ 11

ইয়াৰ পূৰ্বে পাটোৱাৰী উদ্যোগ আৰু বাণিজ্য বিভাগৰ লগতে পৰিবহণ বিভাগৰ দায়িত্বত আছিল।

ইফালে পাটোৱাৰীৰ ঠাইত এইবাৰ পৰিবহণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে পৰিমল শুক্লবৈদ্যক।

FUzhWnvaQAAMGUE
মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বিভাগ কৰ্তন! দিয়া হ’ল নতুন দায়িত্ব, জানক সৱিশেষ 12

তেওঁৰ পৰা বন আৰু পৰিৱেশ বিভাগৰ দায়িত্ব কৰ্তন কৰা হৈছে। অৱশ্যে পূৰ্বৰ দৰে মীন আৰু আবকাৰী বিভাগৰ দায়িত্ব বাহাল থাকিব শুক্লবৈদ্যৰ।

photo 2022 06 09 15 20 11
মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বিভাগ কৰ্তন! দিয়া হ’ল নতুন দায়িত্ব, জানক সৱিশেষ 13

আনহাতে মন্ত্ৰী পীযূষ হাজৰিকাক পূৰ্বৰ বিভাগৰ লগতে নতুনকৈ সামাজিক ন্যায়, সবলীকৰণ বিভাগৰো দায়িত্ব অৰ্পণ কৰা হয় আজিৰে পৰা।

মন্ত্ৰী বিমল বৰাৰ পৰা শক্তি বিভাগ আৰু পৰ্যটন বিভাগ কৰ্তন কৰা হৈছে। তাৰ বিপৰীতে মন্ত্ৰীগৰাকীক নতুনকৈ দায়িত্ব প্ৰদান কৰা হৈছে উদ্যোগ আৰু বাণিজ্য বিভাগ।

FUzhWDUacAIVPkK
মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বিভাগ কৰ্তন! দিয়া হ’ল নতুন দায়িত্ব, জানক সৱিশেষ 14

বিমল বৰাৰ পৰা ক্রীড়া আৰু যুৱ কল্যাণ বিভাগ কৰ্তন কৰা হৈছে। কিন্তু অপৰিবৰ্তিত হৈ থাকিব বৰাৰ সাংস্কৃতিক বিভাগ।

photo 2022 06 09 15 20 11 2
মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বিভাগ কৰ্তন! দিয়া হ’ল নতুন দায়িত্ব, জানক সৱিশেষ 15

আনফালে আজি মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰা নন্দিতা গাৰ্লোচাক শক্তি, সমবায় বিভাগৰ লগতে খনি আৰু খিলঞ্জীয়া জনজাতীয় বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

সেইদৰে আজি শপত লোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক অৰ্পণ কৰা হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্ব। তদুপৰি দক্ষতা, নিয়োগ আৰু উদ্যমতি বিভাগ আৰু পৰ্যটন বিভাগৰো দায়িত্বতো থাকিব জয়ন্ত মল্ল বৰুৱা।

FUzhVgKacAAw9MP
মন্ত্ৰীসভাৰ কেইবাগৰাকীও মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বিভাগ কৰ্তন! দিয়া হ’ল নতুন দায়িত্ব, জানক সৱিশেষ 16

মন্ত্ৰী ৰঞ্জিত দাসৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগ কৰ্তন কৰি আজিৰে পৰা প্ৰদান কৰা হৈছে সাধাৰণ প্ৰশাসন বিভাগ। অৱশ্যে মন্ত্ৰীগৰাকীৰ খাদ্য আৰু অসামৰিক বিভাগৰ দায়িত্ব অপৰিৱৰ্তিত হৈ থাকিব।