UPSC ত উজলিল অসম- উত্তৰ পূবৰ ৯ গৰাকী শিক্ষাৰ্থী

নিউজ ডেস্ক। ঘোষণা হ’ল কেন্দ্ৰীয় লোকসেৱা আয়োগ বা ইউ পি এছ চিৰ অসামৰিক সেৱা পৰীক্ষাৰ ফলাফল।

এই পৰীক্ষাত অসমৰ দুগৰাকী পৰীক্ষাৰ্থীসহ উত্তৰ পূব ৯ গৰাকী শিক্ষাৰ্থীয়ে স্থানলাভ কৰি অঞ্চলবাসীক গৌৰৱান্বিত কৰিছে।

30 05 22 Guwahati UPSC Shilpa Khanikar from Assam 506 ranks 2
UB Photos

শিল্পা খনিকৰ

অসমৰ শিল্পা খনিকৰে ৫০৬ নম্বৰ, দেৱজ্যোতি বৰ্মন ৬৩৯ নং স্থান আৰু আয়ুষী কালৱাৰে ৬১৮ নং স্থান দখলেৰে ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে।

মহানগৰীৰ হাতিগাঁৱৰ লখিমী নগৰৰ ‘মেঘমল্লা এপাৰ্টমেণ্ট’ৰ বাসিন্দা শিল্পা খনিকৰ।

5 1
UPSC ত উজলিল অসম- উত্তৰ পূবৰ ৯ গৰাকী শিক্ষাৰ্থী 6

আয়ুষী কালৱাৰ

শিল্পা খনিকৰ লগতে হাইলাকান্দিৰ লালা বজাৰৰ বাসিন্দা আয়ুষী কালৱাৰে ৬১৮ নম্বৰে স্থান লাভ কৰিছে এই পৰীক্ষাত।

ইফালে, নাগালেণ্ড ৰাজ্যৰ দুগৰাকী পৰীক্ষাৰ্থীয়েও পৰীক্ষাত উত্তীৰ্ণ হৈছে।

FUAitc aUAAX2Ll
UPSC ত উজলিল অসম- উত্তৰ পূবৰ ৯ গৰাকী শিক্ষাৰ্থী 7

ইমচেনাৰো ৱালিং

ভিকু এল আচুমিয়ে ৫৬৭ আৰু ইমচেনাৰো ৱালিঙে ৫৮৫ ৰেংক লাভ কৰে।

FUAkVF5agAE4KFe
UPSC ত উজলিল অসম- উত্তৰ পূবৰ ৯ গৰাকী শিক্ষাৰ্থী 8

টেনজিন চনজােম

মণিপুৰৰ পৰা ৱাইৰোকপাম পুনছিবা সিং আৰু মককমায়ম হোছনি মোবাৰকেও ক্ৰমে ২৩৮, আৰু ৫৭৫ ৰেংকেৰে ইউপিএছচিক ক্লিয়াৰ কৰিছে।

p1 13
UPSC ত উজলিল অসম- উত্তৰ পূবৰ ৯ গৰাকী শিক্ষাৰ্থী 9

অংকুৰ দাস

ইপিনে, মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ বাসিন্দা অংকুৰ দাসে এই পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ৫২ নং স্থান দখল কৰে।

অৰুণাচল প্ৰদেশৰ টাৱাঙৰ বাসিন্দা টেনজিন চনজােমে এই পৰীক্ষাত ৫৮৪ নং স্থান দখল কৰি ৰাজ্যবাসীৰ লগতে উত্তৰ পূববাসীক গৌৰৱান্বিত কৰে।

Leave a Comment