বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আশ্বিকুল ইছলামৰ মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
দেওবাৰে নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই মৃত্যু হয় আশ্বিকুলৰ।
এই ঘটনাত ৰহস্যৰ গোন্ধ পাইছে ধিঙ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে।
বিধায়ক গৰাকীয়ে কয় যে-‘অসমত ধাৰাবাহিক ভাৱে যি এনকাউন্টাৰৰ ঘটনা হৈ আছে সেয়া আমি বিগত এক বছৰৰ পৰা হে দেখিবলৈ পাইছো। আগতে আৰক্ষীৰ জিম্মাৰ পৰা এনেকৈ তদন্তৰ সময়ত অপৰাধী পলাই যোৱা শুনাই নাছিলো।’
এই ঘটনাক সন্দেহজনক আখ্যা দি এই ঘটনাৰ ন্যায়িক তদন্ত দাবী কৰিছে বিধায়ক গৰাকীয়ে।
তেওঁ কয়- ছাইফুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পৰা আৰম্ভ কৰি থানা জ্বলোৱাৰ সমগ্ৰ ঘটনাৰ লগত আৰক্ষী জড়িত হৈ আছে ।সেয়েহে আমি এক ন্যায়িক নিৰপেক্ষ তদন্ত বিছাৰিছো। যদি এই ন্যায়িক নিৰপেক্ষ তদন্ত হয় তেনেহলে এই কাণ্ডৰ লগত কোন কোন জড়িত আছে, ইয়াত কাৰ ষড়যন্ত্ৰ আছে, কোনো ৰাজনৈতিক দলৰ মুনাফা লাভৰ কথা আছে নেকি সকলো কথা গম পোৱা যাব।









