বটদ্ৰৱাৰ কুঁজি সত্ৰত নৱম শতিকাৰ পাটনাদ উদ্ধাৰ…

মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱৰ পবিত্র জন্মস্থান বটদ্ৰৱা থানৰ পৰা নাতিদূৰৈত অৱস্থিত এখন সত্ৰ হ’ল মৰোৱা কুঁজি সত্ৰ।

এই সত্ৰতে শুক্ৰবাৰে উদ্ধাৰ হৈছে এটা পাটনাদ।

মৰিগাঁও জিলাৰ অন্তৰ্গত এই সৰু অথচ ঐতিহ্য বিজড়িত সত্ৰখনৰ সমীপৰে এখন গাৱঁত পুনৰ এটা পাটনাদ উদ্ধাৰ কৰা হৈছে।

image 153
বটদ্ৰৱাৰ কুঁজি সত্ৰত নৱম শতিকাৰ পাটনাদ উদ্ধাৰ... 3

সত্ৰৰ কাষৰে মহেশ্বৰ বৰুৱা নামৰ লোকজনৰ ঘৰত এটা পুখুৰী খান্দি থকা অৱস্থাতে এই পাটনাদটো উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা পাটনাদটো নৱম শতিকাৰে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে, যোৱা মে মাহৰ ১ তাৰিখে সেই একেটা অঞ্চলৰে পৰা মাটি খান্দি থাকোঁতে কেইবাটাও নৱম শতিকাৰে ৰূপ আৰু ব্ৰঞ্জৰ মুদ্ৰা উদ্ধাৰ কৰা হৈছিল।

সেয়েহে স্থানীয় ৰাইজে এই পাটনাদটিও একেই সময়ৰে বুলি সন্দেহ কৰিছে।

image 154
বটদ্ৰৱাৰ কুঁজি সত্ৰত নৱম শতিকাৰ পাটনাদ উদ্ধাৰ... 4

ৰাজ‍্যৰ পুৰাতত্ব বিভাগে অনুসন্ধান চলালে ইয়াত আৰু অধিক পৌৰাণিক সমল উদ্ধাৰ হোৱাৰ সম্ভাৱনা ব‍্যক্ত কৰিছে স্থানীয় ৰাইজে।

পুৰাতত্ব বিভাগক এই অঞ্চলত খনন কাৰ্য্য চলাই গৱেষণা চলাবলৈও স্থানীয় ৰাইজে অনুৰোধ জনাইছে।

Leave a Comment