আৰক্ষীৰ অভিযানত উদ্ধাৰ ৬ টাকৈ দুষ্প্রাপ্য কেঁকোসাপ, গ্ৰেপ্তাৰ এজন…

চোৰাং বেহাৰ বিৰুদ্ধে অব্যাহত আছে আরক্ষীৰ অভিযান।

তেজপুৰৰ সমীপৱৰ্তী বৰঘাটত আৰক্ষীৰ অভিযানত উদ্ধাৰ ৬টাকৈ দুষ্প্ৰাপ্য কেঁকোসাপ।

লগতে এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

image 18
আৰক্ষীৰ অভিযানত উদ্ধাৰ ৬ টাকৈ দুষ্প্রাপ্য কেঁকোসাপ, গ্ৰেপ্তাৰ এজন... 3

জানিব পৰা মতে, তেজপুৰৰ সমীপৱৰ্তী গুন্দৰাবিলৰ বাসিন্দা বুদুৰাম বৰাইকৰ পুত্ৰ পানীৰাম বৰাইকে (৩৪) কোনো চক্রক কেঁকোসাপ বিক্ৰীৰ বাবে যোগাযোগ কৰাৰ সম্ভেদ লাভ কৰে তেজপুৰ বৰঘাট আৰক্ষীয়ে।

সেই অনুসৰি বৰঘাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত পাঠকৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই মানশিৰিত কোনো অজ্ঞাত চক্ৰক বিক্ৰীৰ বাবে কেঁকোসাপসহ ৰৈ থকা অৱস্থাতে পানীৰামক হাতে-লোটে আটক কৰে।

উল্লেখ্য যে পানীৰামৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা মুঠ ৬ টাকৈ দুষ্প্রাপ্য কেঁকোসাপৰ মূল্য আন্তঃৰাষ্ট্ৰীয় ক’লা বজাৰত কেইবালক্ষ হ’ব বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ তেজপুৰৰ পূৰ্বাঞ্চলত কোনো অসৎ চক্রই বাহৰ পাতি এনে অপৰাধমূলক ব্যৱসায়ৰ বৃহৎ নেটৱৰ্ক গঢ়ি তোলাৰ সন্দেহ ঘনীভূত হৈ পৰিছে।

image 19
আৰক্ষীৰ অভিযানত উদ্ধাৰ ৬ টাকৈ দুষ্প্রাপ্য কেঁকোসাপ, গ্ৰেপ্তাৰ এজন... 4

সম্প্ৰতি এনে নিষিদ্ধ চোৰাং বেহাৰ সৈতে জড়িত চক্ৰৰ শুংসূত্ৰ উলিওৱাৰ উদ্দেশ্যে আৰক্ষীয়ে ধৃত পানীৰামক মাৰাথন জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে, দুদিন পূৰ্বে একেতা অঞ্চলতে দুটা হাতীৰ দাঁতৰ টুকুৰাসহ এটা চোৰাং চিকাৰীক আৰক্ষীয়ে হাতে-লোটে ধৰিবলৈ সক্ষম হৈছিল।

Leave a Comment