ৰাষ্ট্ৰীয়

কংগ্ৰেছৰ দিনত ৰাইজে বৰ্তমানৰ এটাৰ দামত দুটা চিলিণ্ডাৰ পাইছিলঃ ৰাহুল গান্ধী

পেট্ৰ’ল-ডিজেলৰ লগতে ৰন্ধনগেছৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক।

শেহতীয়াভাৱে পুনৰ ৫০ টকাকৈ বৃদ্ধি হৈছে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম।

ইয়াৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেওবাৰে কংগ্ৰেছ কাৰ্যকাল আৰু বৰ্তমানৰ বিজেপি চৰকাৰৰ মাজত এল পি জি ৰ মূল্যৰ তুলনা কৰে।

টুইটাৰযোগে ৰাহুল গান্ধীয়ে দাবী কৰে যে ইউপিএ কাৰ্যকালত এলপিজিৰ মূল্য আছিল ৪১০ টকা আৰু প্ৰদান কৰা ৰাজসাহায্য আছিল ৮২৭ টকা, আনহাতে এন ডি এৰ কাৰ্যকালত শূন্য ৰাজসাহায্যৰ সৈতে এলপিজিৰ মূল্য হৈছে ৯৯৯ টকা।

কংগ্ৰেছ নেতাজনে কয় যে,-তেতিয়া ২ টা চিলিণ্ডাৰ এতিয়া ১টাৰ মূল্যত! কেৱল কংগ্ৰেছে দৰিদ্ৰ আৰু মধ্যবিত্ত ভাৰতীয় পৰিয়ালৰ কল্যাণৰ বাবে শাসন কৰে। এইটো আমাৰ অৰ্থনৈতিক নীতিৰ মূল বিষয়।’

তেওঁ লগতে কয় যে লাখ লাখ ভাৰতীয় পৰিয়ালে ‘চৰম মুদ্ৰাস্ফীতি’, নিবনুৱা আৰু ‘দুৰ্বল শাসন’ৰ বিৰুদ্ধে এক কঠিন যুঁজ চলাই আছে।

লক্ষণীয়ভাৱে, তৰলীকৃত পেট্ৰ’লিয়াম গেছ (এলপিজি) চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি কৰা হৈছে। শেহতীয়া সংশোধনৰ সৈতে, ঘৰুৱা এলপিজি চিলিণ্ডাৰ দিল্লীত ৯৯৯.৫০ টকাত খুচুৰা বিক্ৰী হ’ব।

এই মাহৰ আৰম্ভণিতে, বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছিল। ১ মে’ত, ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১০২.৫০ টকা বৃদ্ধি কৰি ২৩৫৫.৫০ টকা কৰা হৈছিল।

এলপিজিৰ মূল্য বৃদ্ধিত সমগ্ৰ বিৰোধী দলসমূহে সমালোচনা কৰিছে। তৃণমূল কংগ্ৰেছে মূল্যবৃদ্ধিক গৰিহণা দিছে আৰু কংগ্ৰেছৰ যুৱ শাখা, ভাৰতীয় যুৱ কংগ্ৰেছে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ বাসগৃহৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *