জন্মদাত্ৰীক কৃতজ্ঞতা জনোৱাৰ সাহস মোৰ নাইঃ মাতৃ দিৱসত মুখ্যমন্ত্ৰীৰ টুইট

নিউজ ডেস্কঃ আই। দুটা বৰ্ণৰ এই এটা শব্দতে লুকাই আছে আমাৰ পৃথিৱী। সীমাহীন ভালপোৱা, অলেখ যতন আৰু আশীৰ্বাদৰ আঁচলেৰে আমাক চিৰদিন মেৰিয়াই ৰখা গৰাকীয়েই হৈছে আমাৰ জন্মদাত্ৰী, আমাৰ মা।

যাৰ গৰ্ভত থিতাপি লৈ আমি আজি পৃথিৱীখন চাবলৈ পাৰিছো, তেওঁৰ ঋণ আমি কেনেকৈ পৰিশোধ কৰিম? তেওঁক কৃতজ্ঞতাই বা জনোৱাটো কেনেদৰে সম্ভৱ! কথাতেই কোৱা হয়- আইৰ সমান হ’ব কোন, নৈৰ সমান বব কোন…।

কিন্তু ব্যস্ততাৰ এই পৃথিৱীত আমাৰ আই-পিতাইক মনত পেলাবলৈ আমাৰ সময়েই বা ক’ত! সেয়ে যান্ত্ৰিকতাৰ যুগত আমাৰ জন্মদাত্ৰীক কৃতজ্ঞতা জনাবলৈ নিৰ্দিষ্ট কৰি ৰখা হৈছে এটা দিন। আৰু সেই বিশেষ দিনটোৱেই আজি। হয়, আজি মাতৃ দিৱস।

1 2 1
জন্মদাত্ৰীক কৃতজ্ঞতা জনোৱাৰ সাহস মোৰ নাইঃ মাতৃ দিৱসত মুখ্যমন্ত্ৰীৰ টুইট 2

জন্মদাত্ৰী মাতৃৰ পৰা দূৰত থকা সকলেও, মাতৃক বৃদ্ধাশ্ৰমত ৰাখি নিজে সুখে সন্তোষে থকা সকলেও আজি এটা দিনৰ বাবে হলেও মনত পেলাইছে নিজৰ মাতৃক। হৃদয়ৰ পৰাই হওক বা আনক দেখুৱাবলৈ, মাতৃৰ ফটো সামাজিক মাধ্যমত পোষ্ট কৰি এদিনৰ বাবে লিখিছে- ‘হেপী মাদাৰছ ডে’’..।

মাতৃ দিৱসৰ বিশেষ দিনটোত আজি মাতৃ মৃণালিনী দেৱীকো সশ্ৰদ্ধাৰে শুভেচ্ছা জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টুইটাৰ হেণ্ডেলত মাতৃৰ এখন ফটো শ্বেয়াৰ কৰি মাতৃৰ প্ৰতি থকা কিছু আবেগ আজি তেওঁ ব্যক্ত কৰিছে।

টুইটাৰত হিমন্ত বিশ্ব শৰ্মাই লিখিছে, ‘জন্মদাত্ৰীক কৃতজ্ঞতা জনোৱাৰ সাহস মোৰ নাই৷ জননী জন্মভূমি স্বৰ্গতকৈও শ্ৰেষ্ঠা, চিৰ আৰাধ্যাক কোনোবা এটা বিশেষ দিনত নহয়; সৰ্বদায় হৃদয়ৰ মণিকূটত ৰাখি স্মৰণেৰে সেৱা আগবঢ়াই আহিছোঁ৷ প্ৰতিটো ক্ষণ, প্ৰতিটো পলত তেওঁৰ আশীৰ্বাদে আমাক বান্ধি ৰাখক.. তাৰ বাবে তেওঁৰ চৰণত জনালোঁ প্ৰাৰ্থনা।’’

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীও সামাজিকভাৱে যথেষ্ট সক্ৰিয়।

অসম সাহিত্য সভাৰ উপ-সভাপতিৰ আসন শুৱনি কৰি থকা মৃণালিনী দেৱীৰ সংস্কাৰ আৰু শিক্ষাই আজি হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন ৰাজনীতিবিদৰ জন্ম দিছে বুলি প্ৰায়ে মন্তব্য কৰি আহিছে তেওঁৰ অনুগামীসকলে।

Leave a Comment