৯০ বছৰীয়া আইতাৰ সৈতে মাটিত বহি কথা পাতিলে মুখ্যমন্ত্ৰীয়ে, আইতাই ক’লে- তেওঁকেই মোৰ ভগৱান যেন লাগে

নিউজ ডেস্ক। পুত্ৰৰ চাকৰি সংক্ৰান্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ কৰিবলৈ দেৰগাঁৱৰ পৰা কাজিৰঙাৰ বৰগছ ৰিজ’ৰ্টত উপস্থিত হোৱা এগৰাকী ৯০ ঊৰ্ধ্বৰ আইতাৰ অৱশেষত পুৰণ হ’ল মনোকামনা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃদ্ধাগৰাকীক ভিতৰলৈ মাতি নি তেওঁৰ সৈতে মাটিত বহি কথা পতাৰ লগতে সমস্যাৰ বুজ লয়। তাৰ পিছত আপেল খুৱাই ঘৰলৈ যাবলৈ দিয়ে বৃদ্ধাগৰাকীক।

G7 2
৯০ বছৰীয়া আইতাৰ সৈতে মাটিত বহি কথা পাতিলে মুখ্যমন্ত্ৰীয়ে, আইতাই ক’লে- তেওঁকেই মোৰ ভগৱান যেন লাগে 2

জানিব পৰা মতে, ডিটিঅ’ কাৰ্যালয়ত কৰ্মৰত বৃদ্ধাগৰাকীৰ এজন পুত্ৰৰ চাকৰিটো দীৰ্ঘসময়ৰ পৰা মেৰপেছত সোমাই আছে। যাৰ বাবে তেওঁ পুত্ৰৰ হৈ এই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰাব বিচাৰি কাজিৰঙাত উপস্থিত হয়।

ইফালে আইতাগৰাকীৰ পৰা সমস্যাৰ বুজ লৈ শীঘ্ৰে তাৰ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। লগতে আইতাগৰাকীৰ দেৰগাঁৱৰ ঘৰলৈও তেওঁ যাব বুলি কথা দিয়ে।

আইতাগৰাকীয়ে প্ৰকাশ কৰা মতে, তেওঁ পূৰ্বেও গোলাঘাটত এবাৰ লগ পাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

সেই সময়তো মুখ্যমন্ত্ৰীয়ে তেওঁৰ সৈতে আন্তৰিকতাৰে কথা পাতিছিল। যাৰ বাবে মুখ্যমন্ত্ৰীক স্বয়ং ভগৱানৰ সৈতে তুলনা কৰিলে অশীতিপৰ বৃদ্ধাগৰাকীয়ে।

উল্লেখ্য যে, কাজিৰঙাত বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈছে বিজেপি মিত্ৰজোঁটৰ বিধায়ক-সাংসংদৰ এক পৰ্যালোচনা বৈঠক।

শুকুৰবাৰে বৰগছ ৰিজ’ৰ্টত অনুষ্ঠিত মূল বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে। আৰু সেই সময়তে তেওঁ দেৰগাঁৱৰ বৃদ্ধা আইতাগৰাকীৰ সৈতে মাটিত বহি আন্তৰিকতাপূৰ্ণভাৱে কথা পতা পৰিলক্ষিত হয়।

Leave a Comment