ৰিয়েল হিৰ’! কন্যা শিশুক লগত লৈ লুইতত জাঁপ মহিলাৰ, প্ৰাণৰক্ষা কৰিলে বুদ্ধেশ্বৰে…

নিউজ ডেস্ক। পাৰিবাৰিক কন্দলত অতীষ্ঠ হৈ কণমানি সন্তানক লৈ নদীত জঁপিয়াই আত্মহননৰ চেষ্টা এগৰাকী মহিলাৰ। কিন্তু, নদী আৰক্ষী থানাৰ নাওচালক তথা নাওৰখীয়াৰ তৎপৰাত প্ৰাণ ৰক্ষা পৰিল মাতৃ-কন্যাৰ।

ভৰা নৈত জপিয়াই পৰা মাতৃ-কন্যাক উদ্ধাৰ কৰা নদী আৰক্ষী থানাৰ নাওৰীয়া বুদ্ধেশ্বৰৰ সাহসিকতা আৰু তৎপৰতাৰ শলাগ লৈছে সকলোৱে।

এই ঘটনা সংঘটিত হৈছে শুৱালকুছিৰ শিলৰঠুৰি্ পাহাৰৰ নামনিত।

p4 11
ৰিয়েল হিৰ’! কন্যা শিশুক লগত লৈ লুইতত জাঁপ মহিলাৰ, প্ৰাণৰক্ষা কৰিলে বুদ্ধেশ্বৰে... 4

ৰিয়েল হিৰ’ বুদ্ধেশ্বৰ

মঙলবাৰে দুপৰীয়া প্ৰায় ২.১০ বজাত ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহননৰ চেষ্টা চলোৱা মাতৃ-কন্যাক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুদ্ধেশ্বৰ নামৰ শুৱালকুছি নদী আৰক্ষী থানাৰ নাওচালক তথা নাওৰখীয়া বুদ্ধেশ্বৰে।

জানিব পৰা মতে, মঙলবাৰে দুপৰীয়া ব্ৰহ্মপুত্ৰৰ পাৰত বান্ধি ৰখা নাওখনতে দুপৰীয়াৰ আহাৰ খাই জিৰণি লৈ আছিল বুদ্ধেশ্বৰে। সেই সময়তে কোলাত এটি কেঁচুৱা লৈ এগৰাকী মহিলা কান্দি কান্দি নৈৰ ফালে আগবাঢ়ি অহা তেওঁ প্ৰত্যক্ষ কৰে। চাওতে চাওতে মহিলাগৰাকীয়ে নৈৰ পূব দিশৰ পাৰত উপস্থিত হৈ প্ৰথমে শিশুটিক নৈৰ পানীত দলিয়াই দিয়ে আৰু তাৰ পিছত নিজেও নৈৰ বুকুত জাপ দিয়ে।

p2 15
ৰিয়েল হিৰ’! কন্যা শিশুক লগত লৈ লুইতত জাঁপ মহিলাৰ, প্ৰাণৰক্ষা কৰিলে বুদ্ধেশ্বৰে... 5

ৰিয়েল হিৰ’ বুদ্ধেশ্বৰ

জানিব পৰা মতে, ২৮ বছৰীয়া শেৱালী ভৰালী দাস নামৰ মহিলাগৰাকীয়ে নিজৰ ৩ বছৰীয়া সন্তান শিল্পা দাসক লগত লৈ পাৰিবাৰিক কন্দলৰ বাবে আত্মহননৰ চেষ্টা চলাইছিল।

শুৱালকুছি ফুলবাৰী নিৱাসী প্ৰকাশ দাসৰ দ্বিতীয় পত্নী শেৱালী ভৰালী দাস আৰু শিশুটিক নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰাৰ পিছত শুৱালকুছি মহাত্মা গান্ধী এফ আৰ ইউত প্রাথমিক চিকিৎসা প্ৰদান কৰা হয়।

তাৰ পিছত মাতৃ আৰু শিশুটিক স্থানীয় লোকৰ সহযোগত নদী আৰক্ষীয়ে মাতৃগৃহলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

উল্লেখ্য যে, মাতৃ-কন্যাক সুকলমে উদ্ধাৰ কৰি প্ৰশংসিত হোৱা বুদ্ধেশ্বৰৰ ঘৰ হৈছে ধুবুৰীৰ গৌৰীপুৰৰ আশাৰিকান্দি গাঁৱত। ২০১৩ চনত তেওঁ অসম নদী আৰক্ষী বিভাগৰ নাওচালক হিচাপে ঠিকাভিত্তিত কামত যোগদান কৰিছিল।

পাণ্ডুত ৫ বছৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছত যোৱা ৩ বছৰ ধৰি শুৱালকুছিত নিজৰ দায়িত্ব পালন কৰি আছে বুদ্ধেশ্বৰে।

সাহসেৰে নৈৰ বুকুৰ পৰা আত্মহননৰ চেষ্টা চলোৱা মাতৃ-কন্যাৰ প্ৰাণ ৰক্ষা কৰা নাও চালক বুদ্ধেশ্বৰ এতিয়া সামাজিক মাধ্যমতো প্ৰশংসিত হৈ পৰিছে।

লগতে চাওকঃ

পলকতে ঘটিল এটা ঘটনা, ট্ৰাকৰ চকাৰ পিষ্ট হোৱাৰ পৰা মাতৃয়ে ৰক্ষা কৰিলে সন্তানক, ভাইৰেল ভিডিঅ’

G1 8 1
ৰিয়েল হিৰ’! কন্যা শিশুক লগত লৈ লুইতত জাঁপ মহিলাৰ, প্ৰাণৰক্ষা কৰিলে বুদ্ধেশ্বৰে... 6

Leave a Comment