বৃহস্পতিবাৰে এদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
মোদীৰ অসম ভ্ৰমণৰ মাজতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে আম আদমি পাৰ্টী, অসমৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন।
বৃহস্পতিবাৰে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত আপৰ।
ইন্ধন, অত্যাৱশ্যকীয় সামগ্ৰী আদিৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত দলটোৰ।
পেট্ৰ’লত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই, ঔষধত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানে উত্তাল কৰি তোলে আপৰ সদস্যসকলে।
উল্লেখ্য যে, প্ৰতিবাদস্থলীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।
আৰক্ষীৰে প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় হতাহতি।
প্ৰতিবাদত লিপ্ত হোৱা সকলক আৰক্ষীৰ আটক।









