এনকাউণ্টাৰ প্ৰৱণতা! পত্নীক ভয় খুৱাবলৈ শূণ্যলৈ AK-47 ৰ গুলী ফুটালে আৰক্ষী বিষয়াই, আটক

নিউজ ডেস্ক। খং নামে চণ্ডাল!

পাৰিবাৰিক সংঘাতৰ বাবে পত্নীলৈ বন্দুক টোঁৱাই শূণ্যলৈ গুলীচালনা আৰক্ষী বিষয়া স্বামীৰ।

এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে শদিয়াৰ ন-শদিয়া আৰক্ষী চকীত।

জানিব পৰা মতে, ন-শদিয়া আৰক্ষী চকীৰ উপ-পৰিদৰ্শক তথা ভাৰপ্ৰাপ্ত বিষয়া জন খাংক্ৰিয়ই শুকুৰবাৰে পত্নীৰ ওপৰত ক্ৰোধিত হৈ ভয় খুৱাবলৈ শূণ্যলৈ গুলীচালনা কৰে।

G1 27
এনকাউণ্টাৰ প্ৰৱণতা! পত্নীক ভয় খুৱাবলৈ শূণ্যলৈ AK-47 ৰ গুলী ফুটালে আৰক্ষী বিষয়াই, আটক 4

প্ৰায় ৫ মাহ পূৰ্বে ন-শদিয়া আৰক্ষী চকীত যোগদান কৰা আৰক্ষী বিষয়াগৰাকীয়ে চৰকাৰী বাসভৱনৰ ওচৰতে থকা ন শদিয়া আৰক্ষী চকীৰ মালখানাৰ পৰা এটা একে ৪৭ ৰাইফল উলিয়াই আনি চৰকাৰী বাসভৱনৰ সন্মুখৰ বাৰাণ্ডাত পত্নীক ভয় খুৱাবৰ বাবে শূণ্যলৈ এজাঁই গুলীচালনা কৰে।

জানিব পৰা মতে, লখিমপুৰৰ নিৱাসী জন খাংক্ৰিয়ৰ আছে দুগৰাকীকৈ পত্নী।

প্ৰায় এমাহ পূৰ্বে তেওঁৰ দ্বিতীয় গৰাকী পত্নীয়ে খাংক্ৰিয়ৰ সৈতে থাকিবলৈ শদিয়ালৈ আহে আৰু ন-শদিয়া আৰক্ষী চকীৰ সমীপতে চৰকাৰী বাসভৱনত থাকিবলৈ লয়। জন খাংক্ৰিয়ৰ দ্বিতীয় পত্নীৰ ফালৰ পৰা আছে এটি কণমানি মৰমলগা সন্তান।

G2 30
এনকাউণ্টাৰ প্ৰৱণতা! পত্নীক ভয় খুৱাবলৈ শূণ্যলৈ AK-47 ৰ গুলী ফুটালে আৰক্ষী বিষয়াই, আটক 5

কিন্তু শদিয়াত থাকিবলৈ লোৱাৰে পৰা পতি-পত্নীৰ মাজত দুৰ্বাদল কাজিয়া হ’বলৈ ধৰা বুলি চুবুৰীয়াই জানিবলৈ দিয়ে।

শুকুৰবাৰেও তেওঁলোকৰ মাজত কোনো কাৰণত কাজিয়াৰ সূত্ৰপাত হয়।

তাৰ পিছতে আৰক্ষী বিষয়াগৰাকীয়ে পত্নীক ভয় খুৱাবলৈ গুলীচালনা কৰে।

অৱশ্যে ওচৰতে থকা এজন গৃহৰক্ষী জোৱানে জন খাংক্ৰিয়ৰ হাতৰ পৰা এ কে ৪৭ ৰাইফলটো জোৰ কৰি কাঢ়ি লোৱাতহে পত্নীৰ জীৱন ৰক্ষা পৰে বুলি প্রত্যক্ষদর্শীয়ে জানিবলৈ দিছে।

ইফালে এই ঘটনাৰ পিছতে ঘটনাস্থলীত শদিয়া আৰক্ষী জিলাৰ এ এছ পি ৰাজেন্দ্ৰপ্ৰসাদ ওজা আৰু ডি এছ পি বিভাষ দাস উপস্থিত হৈ উপ-পৰিদৰ্শক জন খাংক্রিয়ক আটক কৰে।

লগতে চাওকঃ

মোবাইলত কথা পাতি গৈ থকাৰ সময়তে উন্মুক্ত মেনহোলত সোমাই পৰিল মহিলা, তাৰ পিছত…

G4 2 1
এনকাউণ্টাৰ প্ৰৱণতা! পত্নীক ভয় খুৱাবলৈ শূণ্যলৈ AK-47 ৰ গুলী ফুটালে আৰক্ষী বিষয়াই, আটক 6

Leave a Comment