কান্ধত ঢোল লৈ বিহুৱা ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বজালে ম’হৰ শিঙৰ পেঁপাও…

কান্ধত ঢোল লৈ বিহুৱা ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বজালে ম’হৰ শিঙৰ পেঁপা।

Image

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিল্লীস্থিত বাসগৃহত ৰঙালী বিহু উপলক্ষে শনিবাৰে আয়োজন কৰা হয় এক কাৰ্যসূচীৰ।

উক্ত অনুষ্ঠানত উপস্থিত থাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

Image

এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোডীয়ে এঘণ্টাৰো অধিক সময় ধৰি অসমৰ শিল্পীসকলে পৰিৱেশন কৰা বিহু নৃত্য আৰু লোক নৃত্যৰ লগতে অন্যান্য অনুষ্ঠান উপভোগ কৰে।

কেৱল সেয়াই নহয়, তেওঁ নিজেই কান্ধত ঢোল লৈ বজোৱাও পৰিলক্ষিত হয়।

Image

এই সন্দৰ্ভত সৰ্বানন্দ সোণোৱালে কয়- মই প্ৰধানমন্ত্ৰীৰ ওচৰত বিহু অনুষ্ঠানত উপস্থিত থকাৰ বাবে কৃতজ্ঞ। বিগত আঠ বছৰত তেওঁ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰিছে।

Image

Leave a Comment