অসম

ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীঃ ৮ ছেপ্তেম্বৰত NDFBৰ গণ সমাবেশ কাৰ্য্যসূচী…

এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিটিআৰ চুক্তি স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীৰে ৮ ছেপ্তেম্বৰত ৰূপায়ন কৰা হ’ব গণ সমাবেশ কাৰ্য্যসূচী।

NDFBৰ প্ৰাক্তন কেডাৰ সকলে ওডালগুৰি জিলাত এই গণ সমাবেশ কাৰ্য্যসূচী অনুষ্ঠিত কৰিব।

ৰঞ্জন দৈমাৰীৰ লগতে অন্যান্য কাৰাৰুদ্ধ NDFBৰ কেডাৰ সকলৰো মুক্তিৰ দাবী জনাইছে NDFBৰ প্ৰাক্তন কেডাৰ সকলে।

ওডালগুৰিত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰ পাছতে পৰৱৰ্তী দিনা চিৰাং, কোকৰাঝাৰ, বাক্সা, শোণিতপুৰ আদিতো একেধৰণৰ গণসমাবেশ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ২০০৮ চনত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *