দৈনিক ৰাশিফলঃ ১০ এপ্ৰিল, দেওবাৰ
মেষ ৰাশি- মানসিক চাপ বৃদ্ধিয়ে আপোনাক আজি শাৰিৰীকভাৱেও অসুস্থ কৰি তুলিব পাৰে। পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে কিছু সময় অতিবাহিত কৰক। ব্যৱসায়ত নতুন চুক্তি লাভজনক হব। পৰীক্ষামূলক কাৰ্যত প্ৰত্যাশিত সফলতা লাভ নকৰিব পাৰে। বিনিয়োগ কৰাৰ সময়ত খৰখেদাকৈ সিদ্ধান্ত নল’ব। পত্নীৰ পৰা সমৰ্থন লাভ কৰিব।
বৃষ ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে ভাল হব। পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰিব। জ্যেষ্ঠসকলৰ আশীৰ্বাদত আজি আপুনি কোনো ভাৱি থকা কাৰ্য সম্পন্ন কৰিবলৈ সক্ষম হব পাৰে। কৰ্মক্ষেত্ৰত অনুকুল পৰিৱেশ থাকিব। চাকৰি প্ৰত্যাশীসকলে আজি ভাল কোম্পানীৰ পৰা চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। পত্নীৰ সৈতে সদ্ভাৱ বৃদ্ধি পাব। আজি বস্ত্ৰ উপহাৰ পাব পাৰে।
মিথুন ৰাশি- আজি আপোনাৰ দৈনন্দিন কামত কিছু বাধা থাকিব। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ বিষয়ে চিন্তা থাকিব। আপুনি ভবা কামটোৰ হঠাতে অৱনতি হ’ব পাৰে। কোনো কাৰণত উত্তেজিত নহ’ব, অন্যথা ক্ষতি আপোনাৰ হব। পৰিয়ালত সদ্ভাৱ থাকিব যদিও ভাতৃৰ সৈতে মনোমালিন্য ঘটিব পাৰে। পাৰিলে আজি দূৰ ভ্ৰমণ পৰিহাৰ কৰক।
কৰ্কট ৰাশি- কাজিয়াৰ পৰা আতৰি থাকক। শত্ৰুৱে আজি যিকোনো প্ৰকাৰে আপোনাৰ অনিষ্ট কৰিব বিচাৰিব পাৰে, সেয়েহে সাৱধান হৈ থাকক। মনৰ কথা আনৰ আগত প্ৰকাশ কৰাৰ ক্ষেত্ৰত সংযত হওক। বুদ্ধিমত্তাৰে কাম কৰিলে আজি সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ত নতুন বিনিয়োগৰ চিন্তা চৰ্চা কৰিব পাৰে। অতিৰিক্ত উপাৰ্জনৰ পথ প্ৰশস্ত হব পাৰে। পত্নীৰ স্বাস্থ্যৰ যতন লওক।
সিংহ ৰাশি- দিনটো মিশ্ৰিত প্ৰতিক্ৰিয়াৰ মাজেৰে অতিবাহিত হব। খং পৰিহাৰ কৰি চলক। আপোনাৰ মন্তব্যই আজি প্ৰিয়জনৰ মনত আঘাত দিব পাৰে। কোনো এটা কাম নতুনকৈ আৰম্ভ কৰাৰ পূৰ্বে সেই বিষয়ে ভালদৰে বিচাৰ বিবেচনা কৰি লওক। ব্যৱসায়ত লোকচনাৰ সন্মুখীন হব পাৰে। পত্নীৰ সৈতে সাধাৰণ বিবাদ ঘটিব পাৰে। অৱশ্যে আজি বন্ধুবৰ্গৰ সমৰ্থনত কোনো এক কঠিন পৰিস্থিতিৰ পৰা নিজকে উদ্ধাৰ কৰিবলৈ সক্ষম হব।
কন্যা ৰাশি- আপোনাৰ কঠোৰ পৰিশ্ৰমে দিনটোত সুফল প্ৰদান কৰিব। কোনো এক ভাল খবৰ আকস্মিকভাৱে লাভ কৰিব পাৰে। উপাৰ্জন বৃদ্ধি হব। সমান্তৰালভাৱে আজি আপোনাৰ ব্যয় কিছু বৃদ্ধি পাব। হঠাৎ ধন লাভ কৰিব পাৰে। পৰিয়ালত সদ্ভাৱ থাকিব। মাতৃৰ পৰা সকোলো ধৰণৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হব। পত্নীৰ পৰাও আজি এটা ভাল খবৰ লাভ কৰিব পাৰে।
তুলা ৰাশি- আৰ্থিক পৰিস্থিতি আজি উন্নত হব। বন্ধু আৰু পৰিয়ালৰ সৈতে সময় পাৰ কৰাৰ সুযোগ পাব। পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠান সম্পন্ন হব পাৰে। আজি আপুনি এনে এক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, যিটো ভৱিষ্যতৰ বাবে লাভজনক বিবেচিত হব। মিতভাষী হওক। পত্নীৰ স্বাস্থ্যই কিছু চিন্তিত কৰিব পাৰে। শিশুৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে।
বৃশ্চিক ৰাশি- আজি আপোনাৰ বাবে এক ভাল দিন হ’ব। কথা কওতে সংযত হওঁক আৰু কথাৰে আনক আঘাত দিয়াৰ পৰা বিৰত থাকক। অন্যথা আজি আপোনাৰ মুখৰ পৰা ওলোৱা কথাই আপোনাকে সমস্যাত পেলাব পাৰে। আজি প্ৰতিশ্ৰুতি প্ৰদান নকৰিব। অৰ্থনৈতিক পৰিস্থিতি উন্নত হব। বাহন আদি ক্ৰয় কৰিব পাৰে। ঘৰলৈ অতিথিৰ আগমণ ঘটিব।
ধনু ৰাশি- বিত্তীয় লেনদেনৰ বাবে আজিৰ দিনটো আপোনাৰ বাবে শুভ। চাকৰিয়ালসকলে পদোন্নতি আৰু বদলিৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপুনি দেখুওৱা পাৰদৰ্শিতাই আজি আপোনাক প্ৰশংসিত কৰিব। সকলোৱে আপোনাৰ জ্ঞান আৰু বুদ্ধিমত্তাৰ শলাগ ল’ব। পৰিয়ালত সদ্ভাৱ থাকিব। সন্ধিয়ালৈ এজন বন্ধুৰ ঘৰলৈ আমন্ত্ৰণ লাভ কৰিব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ।
মকৰ ৰাশি- আপোনাৰ ঘৰৰ সৈতে সম্পৰ্কিত বিনিয়োগ লাভজনক হ’ব। আপোনাৰ মতামতে আজি পৰিয়াল আৰু বন্ধুবৰ্গৰ মাজত প্ৰাধান্য লাভ কৰিব। সামাজিক স্থানত সন্মান বৃদ্ধি হব। ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ বাবে আজিৰ দিনটো লাভজনক প্ৰমাণিত হব। কথা কওতে শালীনতা বৰ্তাই ৰাখক। পত্নীৰ সৈতে কোনো কথাত মতানৈক্য ঘটিব পাৰে। অৱশ্যে খুব সোনকালে সেয়া দূৰ হব।
কুম্ভ ৰাশি- আজি আপোনাৰ দিনটো আগৰ তুলনাত অধিক লাভজনক হ’ব। দীৰ্ঘদিন ধৰি চলি থকা পৰিকল্পনা আজি সম্পূৰ্ণ হ’ব। আপুনি নতুন কাম এটা আৰম্ভ কৰাৰ কথাও ভাবিব পাৰে, দিনটো আপোনাৰ বাবে লাভজনক হ’ব। পৰিয়ালত সম্প্ৰীতিৰ পৰিৱেশ থাকিব। ঘৰৰ এজন জ্যেষ্ঠ সদস্যৰ পৰা আপুনি অৰ্থ লাভ কৰিব পাৰে। উপাৰ্জনৰ নতুন বাট মুকলি হব। অৱশ্যে আজি আপুনি ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰখা ভাল।
মীন ৰাশি- পুৰণি ৰোগৰ পৰা আজি আপুনি পৰিত্ৰান পাব পাৰে। বাহিৰত খাদ্য গ্ৰহণৰ পৰা বিৰত থাকক। খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। ব্যৱসায়ী সকল তেওঁলোকৰ ব্যৱসায়ত অধিক মনোযোগ নিদিলে আজি লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই অধিক। পৰিয়ালত সদ্ভাৱ থাকিব। পিতৃ-মাতৃৰ সৈতে ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। বাহন যাত্ৰাৰ সময়ত অতিৰিক্তি সাৱধানতা অৱলম্বন কৰক।









