অসম

শৰাইঘাট দলঙত পুনৰ অঘটন, দলঙৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা যুৱকৰ…

শৰাইঘাট দলঙত পুনৰ অঘটন।

দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জপিয়াই আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ।

সোমবাৰে নিশা শৰাইঘাট দলঙৰ পৰা এজন যুৱকে জপিয়াই আত্মহত্যাৰ চেষ্টা কৰে।

শৰাইঘাট দলঙৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা কৰা যুৱকজন বৰপেটাৰ মৃগেন দাস বুলি জানিব পৰা গৈছে।

যুৱকজনে ব্ৰহ্মপুত্ৰত জপিওৱাৰ পাছতে সেনা বাহিনীৰ জোৱানে যুৱকজনক ব্ৰহ্মপুত্ৰৰ পানীত উটি গৈ থকা প্ৰত্যক্ষ কৰে।

সেনা বাহিনীয়ে ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলাই যুৱকজনক উদ্ধাৰ কৰে।

পৰৱৰ্তী সময়ত আমিনগাঁও আৰক্ষীৰ হাতত গটাই দিয়ে যুৱকজনক।

পাৰিবাৰিক কন্দলৰ বাবেই যুৱকজনে আত্মহত্যাৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *