নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাটোৰ ফলত নৱ বিবাহিত যুৱক, আক্ৰাছু নেতাসহ তিনিজনৰ কৰুণ মৃত্যু হয়।
ধুবুৰীৰ চাপৰৰ মোৱামাৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই কৰুণ ঘটনাটো।

বাইক আৰু ট্ৰেইলৰৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।
নিহত যুৱক তিনিজন ক্ৰমে মমেন ৰায়, কংকন অধিকাৰী আৰু জিতু ৰায়।
ইয়াৰে কংকন অধিকাৰীয়ে যোৱা ৯ মাৰ্চত বিবাহ পাশত আবদ্ধ হৈছিল বুলি জানিব পৰা গৈছে।

আনহাতে সদৌ চাপৰ আঞ্চলিক কোচ-ৰাজৱংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ উপদেষ্টা আছিল মমেন ৰায়(গাৰো)।
নিহত যুৱক কেইজনৰ ঘৰ চাপৰৰ সত্যপুৰত বুলি জানিব পৰা গৈছে।
যুৱক তিনিজনৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আক্ৰাছুৱে।
লগতে চাওকঃ
দাওদাওকৈ জ্বলি উঠা জুইৰ মাজৰ পৰা উদ্ধাৰ ৩ বছৰীয়া শিশুক! প্ৰশংসিত আৰক্ষী কনিষ্টবল নেত্ৰেশ শৰ্মা










