ধেমালিতে বোকাৰ হাতেৰেই চুইছিল কিশোৰক, খঙতে দলিয়াই দিয়া মোবাইল ফোনৰ আঘাতত মৃত্যু ঘটিল চিত্তৰঞ্জনৰ…

নিউজ ডেস্ক। দলিয়াই দিয়া মোবাইল ফোনৰ আঘাতত মৃত্যু ঘটিল এজনৰ।

এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে গোৱালপাৰা জিলাৰ ধূপধৰাত। দেওবাৰে ধূপধৰা থানাৰ অন্তৰ্গত মাছলাম গাঁৱত এজন কিশোৰে খঙতে দলিয়াই দিয়া মোবাইলৰ ফোনৰ আঘাতত মৃত্যু ঘটে চিত্তৰঞ্জন ৰাভা (৩৫) নামৰ এজন লোকৰ।

G03 1
ধেমালিতে বোকাৰ হাতেৰেই চুইছিল কিশোৰক, খঙতে দলিয়াই দিয়া মোবাইল ফোনৰ আঘাতত মৃত্যু ঘটিল চিত্তৰঞ্জনৰ… 2

ঘটনাৰ বিৱৰণী অনুসৰি, গাঁওখনৰ এটা ৰাজহুৱা পুখুৰীত দেওবাৰে সমূহীয়াকৈ মাছ মাৰিছিল গাঁৱৰ ৰাইজে। য’ত চিত্তৰঞ্জন ৰাভা নামৰ লোকৰজনৰ সৈতে গাঁওখনৰে এজন ১৬ বছৰীয়া কিশোৰো আছিল।

কিছু সময় পুখুৰীত মাছ মৰাৰ পিছত কিশোৰজনে পুখুৰীৰ পৰা উঠি ঘৰলৈ যায় আৰু গা ধুই আহি পুনৰ পুখুৰী পাৰত বহি মাছ মৰা চাই থাকে।

সেই সময়ত চিত্তৰঞ্জন বসুমতাৰীয়ে পাৰলৈ উঠি আহি ধেমালীতে কিশোৰজনক বোকাৰ হাতেৰে চুই দিয়াত খঙত কিশোৰজনে হাতত থকা মোবাইলটো চিত্তৰঞ্জনৰ ফালে দলিয়াই দিয়ে।

ইফালে দলিয়াই দিয়া মোবাইলটো ডিঙিৰ ওপৰত লগাত থিতাতে ঢলি পৰে চিত্তৰঞ্জন ৰাভা। লগে লগে তেওঁক ধূপধৰা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেতিয়ালৈতে মৃত্যু ঘটে লোকজনৰ।

ইফালে এই ঘটনাৰ পিছত আৰক্ষীয়ে ১৬ বছৰীয়া কিশোৰজনক আটক কৰিছে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave a Comment