শাৰীৰিক বাধাগ্ৰস্ত বৃদ্ধ মহিলাক ‘বিবস্ত্ৰ’ কৰি তালাচী চলােৱা CISF ৰ নিৰাপত্তাৰক্ষীক নিলম্বন

নিউজ ডেস্ক। এগৰাকী শাৰীৰিকভাৱে বাধাগ্ৰস্ত ৮੦ বছৰীয়া মহিলাক ‘বিবস্ত্ৰ’ কৰি তালাচী চলােৱা কেন্দ্ৰীয় ঔদ্যােগিক নিৰাপত্তা বাহিনী চমুকৈ চিআইএচএফৰ মহিলা জােৱানক নিলম্বন।

টুইটাৰত এই কথা প্ৰকাশ কৰে চিআইএচএফ কৰ্তৃপক্ষই।

ইতিমধ্যে এই ঘটনাক লৈ বিভাগীয় তদন্ত ঘােষণা কৰা হৈছে বুলিও টুইট যােগে প্ৰকাশ কৰে কৰ্তৃপক্ষই।

উল্লেখ্য যে বৃহস্পতিবাৰে বৰঝাৰ বিমানবন্দৰত নাগালেণ্ডৰ হালাে কিকন (Mhalo Kikon) নামৰ এগৰাকী ৮০ বছৰীয়া শাৰীৰিক বাধাগ্ৰস্ত মহিলাক নিৰাপত্তা তালাচীৰ নামত বিবস্ত্ৰ কৰিছিল কৰ্তব্যৰক্ষ CISF ৰ এগৰাকী মহিলা জােৱানে।

image 11 edited
শাৰীৰিক বাধাগ্ৰস্ত বৃদ্ধ মহিলাক 'বিবস্ত্ৰ' কৰি তালাচী চলােৱা CISF ৰ নিৰাপত্তাৰক্ষীক নিলম্বন 2

এই অমানৱীয় ঘটনাক লৈ ভুক্তভােগী মহিলাগৰাকীৰ জীয়ৰী তথা নাগালেণ্ডৰ বিশিষ্ট লেখিকা ডলি কিকনে টুইটাৰত ক্ষােভ প্ৰকাশ কৰাৰ পাছতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ইয়াৰ পিছতে এই ঘটনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে বিমানবন্দৰ কৰ্তৃপক্ষই।

লগতে ঘটনাক লৈ দুঃখ প্ৰকাশ কৰি বিভাগীয় তদন্ত ঘােষণা কৰাৰ লগতে সংশ্লিষ্ট মহিলা নিৰাপত্তাৰক্ষীক নিলম্বন কৰা বুলি টুইট কৰি প্ৰকাশ কৰে CISF কৰ্তৃপক্ষই।

Leave a Comment