মুছলমান অধ্যুষিত অঞ্চলত স্থাপন কৰা হ’ব সৈনিক স্কুল! ঘোষণা মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক। ৰাজ্যৰ মুছলমান সংখ্যালঘু অঞ্চলত সৈনিক স্কুল খুলিব চৰকাৰে।

খানাপাৰাত অনুষ্ঠিত হৈ থকা ৩৮ সংখ্যক হুনৰ হাট মেলাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শিক্ষা আৰু স্বাস্থ্য ৰাজনীতিৰ উৰ্ধ্বৰ বিষয় বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সংখ্যালঘু অঞ্চলসমূহত উচ্চ মানৰ বিদ্যালয় স্থাপন কৰি সকলোকে সমানে শৈক্ষিক অধিকাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে।

g7 6
মুছলমান অধ্যুষিত অঞ্চলত স্থাপন কৰা হ’ব সৈনিক স্কুল! ঘোষণা মুখ্যমন্ত্ৰীৰ 3

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰা সংখ্যালঘু অঞ্চলত ২১ খন বিদ্যালয় স্থাপনৰ বাবে ৩০ কোটি টকা আৱণ্টন কৰা হৈছে বুলি জানিবলৈ দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে শিক্ষাৰ অধিকাৰ সকলোৰে আছে।

মুছলমান অঞ্চলসমূহত সকলো আছে। নাই কেৱল উচ্চ শিক্ষাৰ ব্যৱস্থা।

এনে পৰিপ্ৰেক্ষিতত যদি তেনে অঞ্চলসমূহতো উচ্চ মানদণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান গঢ়ি তোলা হয়, তেন্তে মুছলমান যুৱক-যুৱতীসকলো আগবাঢ়িবলৈ সক্ষম হব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

FNonkkuaMAAOvb0
মুছলমান অধ্যুষিত অঞ্চলত স্থাপন কৰা হ’ব সৈনিক স্কুল! ঘোষণা মুখ্যমন্ত্ৰীৰ 4

আনহাতে মুছলাম অধ্যুষিত অঞ্চলসমূহত স্থাপন কৰিবলগা বিদ্যালয়ত হিন্দু বা আন আন ধৰ্মৰ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুছলমানৰ উপৰিও অন্যান্য এছটি, এছচি আদি পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত শিক্ষাৰ নতুন পৰিৱৰ্তন ঘটোৱাৰ পোষকতা কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

Leave a Comment