পৰ্যটকসকলৰ বাবে ভাল খবৰ!
অসম-মেঘালয়ৰ মাজত আৰম্ভ হ’ব ভিষ্টাডোম ৰে”ল সেৱা।
অসম-মেঘালয়ৰ মাজত ভিষ্টাডোম ৰে’লসেৱা শীঘ্ৰেই আৰম্ভ কৰাৰ চিন্তা-চৰ্চা কৰিছে।
গুৱাহাটীৰ পৰা মেঘালয়ৰ মেন্দিপথাৰলৈ নতুন আন্তঃৰাজ্যিক ভিষ্টাডোম সেৱা আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে ৰে’লৱেই।
উল্লেখ্য যে, ৰে’লৱেই ইতিমধ্যে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজতো ভিষ্টাডোম ৰেইল সেৱা আৰম্ভ কৰিছে।
এই ৰে’লসমূহ অসমৰ তিনিচুকীয়া আৰু অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ মাজত সপ্তাহত পাঁচদিন চলে।
ভিষ্টাডোম এক্সপ্ৰেছত এক বিশেষ প্ৰকাৰৰ ৰেইলৱে কোচ থাকে য’ত ডাঙৰ খিৰিকী, এখন কাঁচৰ চাল, অত্যাধুনিক চকীৰ লগতে বিভিন্ন সা-সুবিধাৰে সু-সজ্জিত।









