জম্মু-কাশ্মীৰত নিয়ােজিত অসমৰ CRPF জোৱানৰ মৃত্যু…

নিউজ ডেস্ক। জম্মু-কাশ্মীৰত নিয়ােজিত অসমৰ চিআৰপিএফ জােৱানৰ আকস্মিক মৃত্যু।

কৰ্তব্যৰত অৱস্থাত মৃত্যু ঘটে বাহিনীটাে ৪৬ নং বেটেলিয়নত সহকাৰী পৰিদৰ্শক হিচাপে কৰ্মৰত ফুলচান আলী শ্বেখৰ।

p1 7
জম্মু-কাশ্মীৰত নিয়ােজিত অসমৰ CRPF জোৱানৰ মৃত্যু... 4

মৃত্যুৰ সময়ত জোৱানজনৰ বয়স আছিল ৫১ বছৰ।

শ্বহীদ জােৱানজনৰ ঘৰ কোকৰাঝাৰ জিলাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত আঢ়াইআনী দ্বিতীয় খণ্ড গাঁৱত।

p4 2
জম্মু-কাশ্মীৰত নিয়ােজিত অসমৰ CRPF জোৱানৰ মৃত্যু... 5

স্থানীয় নয়াৱ আলীৰ পুত্ৰ ফুলচান্দ আলী শ্বেখৰ বুধবাৰে নিশা হঠাৎ কৰ্তব্যৰত অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বুলি পৰিয়ালক জনাইছে চিআৰপিএফ কৰ্তৃপক্ষই।

আলীয়ে মৃত্যুৰ সময়ত পত্নীসহ দুগৰাকী জীয়ৰীক এৰি থৈ যায়।

p2 5
জম্মু-কাশ্মীৰত নিয়ােজিত অসমৰ CRPF জোৱানৰ মৃত্যু... 6

শুকুৰবাৰে বিয়লি আলীৰ নশ্বৰদেহ গুৱাহাটী বিমান বন্দৰ উপস্থিত হােৱাৰ পাছতে বগৰীবাৰী আঢ়াইআনী দ্বিতীয় খণ্ডত থকা নিজ গৃহলৈ স্থলপথেৰে জােৱানজনৰ ঘৰত উপস্থিত হয়।

জোৱানজনৰ নশ্বৰদেহ স্বগৃহলৈ অনাৰ পিচত চি আৰ পি এফৰ বিষয়া আৰু পবৰ্তঝৰা মহকুমা আৰক্ষী-প্রশাসনে সামৰিক মর্যাদাৰে মৃতকক সন্মান জনায়।

ইয়াৰ পিছতে জোৱানজনৰ নশ্বৰ দেহ নিজ গৃহৰ পৰা সমদল কৰি বগৰীবাৰী আঢ়াইআনী খেলপথাৰলৈ নিয়া হয়।

কেইবা হেজাৰ লোকৰ উপস্থিতিত জানাজা নামাজ সম্পূৰ্ণ কৰি জোৱানজনৰ নশ্বৰদেহ সন্ধিয়া বগৰীবাৰীৰ শান্তিনগৰ কবৰ স্থানত কবৰস্থ কৰা হয়।

জোৱানজনৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

Leave a Comment