অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে চমন জাৰি কৰাৰ পিছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ কয়- ‘মোলৈ মাজে মাজে চমন বা কিবা কিবি আহি থাকে মই চিন্তা নকৰো, মোৰ উকিলে জানিব। এতিয়া বোম্বে, অন্ধ্ৰপ্ৰদেশ আদিৰ পৰাও চমন আহিব গতিকে মই চিন্তা নকৰো।’
২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ সন্দৰ্ভত আদালতত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰাৰ পাছতে এই সন্দৰ্ভত মত ব্যক্ত কৰিছে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
নিৰ্বাচনী প্ৰচাৰৰ সময়ত নিৰ্বাচন আচৰণ বিধি ভংগ কৰাৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অভিযোগৰ পাছতে নিৰ্বাচন আয়োগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই সম্পৰ্কত গোচৰ তৰিছিল।
উক্ত গোচৰৰ ভিত্তিত কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশে হিমন্ত বিশ্ব শৰ্মাক ২৫ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰে।









