মণিপুৰত নিৰ্বাচনৰ পূৰ্বে IED বিস্ফোৰণ, আহত ITBPৰ ২ জোৱান

দেওবাৰে মণিপুৰত সংঘটিত এক আইইডি বিস্ফোৰণত ইণ্ডো-টিবেটান সীমান্ত আৰক্ষীৰ (আইটিবিপি) দুজন জোৱান আহত হয়।

মণিপুৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত হোৱা এই বিস্ফোৰণে আতংকৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰত থকা ৱাংগু টেৰা আৰক্ষী থানা ৰেঞ্জৰ ওচৰত নিশা প্ৰায় ৮ বজাত এই বিস্ফোৰণ সংঘটিত হয়।

P1 5
মণিপুৰত নিৰ্বাচনৰ পূৰ্বে IED বিস্ফোৰণ, আহত ITBPৰ ২ জোৱান 3

আইটিবিপিৰ ৪৯ বেটেলিয়নৰ কনিষ্টবল গিৰিজা শংকৰ আৰু গৌৰৱ ৰায়ে সহকৰ্মী আৰু মণিপুৰ আৰক্ষীৰ জোৱানৰ সৈতে অঞ্চলটোত টহল দি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়।

বিস্ফোৰণত আইটিবিপিৰ জোৱান গিৰিজা শংকৰ আৰু গৌৰৱ ৰায় আহত হয়।

উল্লেখ্য যে, ৰাজ্যখনৰ সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আইটিবিপিৰ ৪৯ বেটেলিয়নৰ জোৱান সকলক নিৰ্বাচনী দায়িত্বত নিয়োজিত কৰা হৈছিল।

ইফালে, আঘাতপ্ৰাপ্ত আইটিবিপিৰ দুয়োজন জোৱানক চহৰখনৰ ৰাজ মেডিচিটি চিকিৎসালয়ত প্ৰথমে ভৰ্তি কৰোৱা হয় যদিও পিছত ইম্ফলৰ চিগা হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

দুয়োগৰাকী জোৱান বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে।

P2 3
মণিপুৰত নিৰ্বাচনৰ পূৰ্বে IED বিস্ফোৰণ, আহত ITBPৰ ২ জোৱান 4

জানিব পৰা মতে, বিস্ফোৰণৰ পূৰ্বে নিৰ্বাচনমুখী মণিপুৰৰ ইম্ফল পূব জিলাত এজন এনপিপি প্ৰাৰ্থীৰ পিতৃক অচিনাক্ত লোকে গুলীয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হয়। যাৰ ফলত প্ৰাক নিৰ্বাচনী হিংসাই আতংকৰ সৃষ্টি কৰিছে।

উত্তৰ-পূবৰ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ৰাজ্যখনত ভোটগণনা ১০ মাৰ্চত সম্পন্ন হব।

Leave a Comment