অসম

অসমৰ প্ৰথমগৰাকী বাতৰি ঘোষক, জ্যেষ্ঠ সাংবাদিক প্ৰতাপ বৰদলৈৰ দেহাৱসান…

অসমৰ প্ৰথমগৰাকী বাতৰি ঘোষক, জ্যেষ্ঠ সাংবাদিক প্ৰতাপ বৰদলৈৰ দেহাৱসান।

আকাশবাণী গুৱাহাটীৰ প্ৰথমগৰাকী বাতৰি ঘোষক আছিল বৰদলৈ।

৭২বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বৰদলৈয়ে।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বৰদলৈয়ে জোনালীত থকা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।

ৰেডিঅৰ বাতৰি পৰিৱেশক হিচাপে জনপ্ৰিয় আছিল বৰদলৈ।

অসমৰ দুৰদৰ্শনৰ সেৱা আৰম্ভ হোৱাৰ পাছত গুৱাহাটী দুৰদৰ্শনৰ সৈতে জড়িত হৈ পৰিছিল তেওঁ।

দুৰদৰ্শনত প্ৰথম অসমীয়া বাতৰি পঢ়োতা আছিল প্ৰতাপ বৰদলৈ।

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পৰা অৱসৰ লৈছিল বৰদলৈয়ে ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰেও জড়িত আছিল।

ৰুচীসন্মত বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত অসমৰ সংবাদজগতৰ বাটকটীয়া আছিল তেওঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *