উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল কৃষি বিভাগৰ কৰ্মচাৰী পাপৰি দাস…

নিউজ ডেস্ক। উৎকোচ লৈ গুৱাহাটীত দুৰ্নীতি নিবাৰকৰ জালত পৰিল কৃষি বিভাগৰ মহিলা কৰ্মচাৰী।

গ্ৰেপ্তাৰ হোৱা মহিলা কৰ্মচাৰীগৰাকীৰ নাম পাপৰি দাস।

নগদ ১৫ হাজাৰ টকা লোৱাৰ সময়তে হাটে লোটে গ্ৰেপ্তাৰ কৰা হয় পাপৰি দাসক।

G02 4
ভিজিলেঞ্চৰ জালত ঘােচখােৰ কৃষি বিষয়া

পাপৰি দাস কৃষি বিভাগৰ জ্যেষ্ঠ সহায়িকা।

এগৰাকী মহিলাক অনুকম্পানূলক নিযুক্তি দিয়াৰ বিনিময়ত পাপৰি দাসে বিচাৰিছিল ১ লাখ টকা।

অসম সচিবালয়ত কৰ্মৰত এইগৰাকী ঘােচখােৰ কৃষি কৰ্মচাৰীগৰাকী।

এই সন্দৰ্ভত ভিজিলেঞ্চে এচিবি পিএছ গোচৰ নং 04/2022 গােচৰ ৰুজু কৰা হৈছে।

অধিক জেৰাৰ বাবে দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়লৈ নিয়া হৈছে।

Leave a Comment