ভাল খবৰ! অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম পালে দুটা ৰয়েল বেংগল বাঘৰ পোৱালি, মুঠ ৯টালৈ বৃদ্ধি…

ভাল খবৰ, অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম পালে দুটা ৰয়েল বেংগল বাঘৰ পোৱালি।

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা তথা বটানিকেল গাৰ্ডেনত দুটা নতুন ৰয়েল বেংগল বাঘৰ পোৱালিৰ জন্ম হয়।

শনিবাৰে কাজী নামৰ বাঘিনীটোৱে জন্ম দিয়ে পোৱালি দুটা।

এই পোৱালি দুটাৰ সৈতে চিৰিয়াখানাত ৰয়েল বেংগল বাঘৰ সংখ্যা ৯টালৈ বৃদ্ধি হৈছে।

কাজীয়ে ২০২০ চনৰ আগষ্ট মাহতো দুটা পোৱালি জন্ম দিছিল । যি দুটা পোৱালিৰ নাম ৰখা হৈছিল ছুলটান আৰু সুৰেশ। বৰ্তমানে দুয়োটাই সম্পূৰ্ণ সুস্থ।

অসম ৰাজ্যিক চিৰিয়াখানাৰ ডিএফঅ’ ড০ অশ্বিনী কুমাৰে জানিবলৈ দিয়া অনুসৰি, নতুন পোৱালি আৰু বাঘিনীজনিক শীত নাপাবৰ বাবে হিটাৰ আৰু জুইৰ তাপ দি থকা হৈছে।

আনহাতে মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) অমিত সাহাই কয়- ‘মাতৃ কাজীক অন্যান্য পশু চিকিৎসাৰ লগতে খাদ্য ৰূপে প্ৰায় ৬-৭ কিলোগ্ৰাম মাংস প্ৰদান কৰা হৈছে।’

ইফালে, বন কৰ্তৃপক্ষই পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নৱজাতক পোৱালিৰ নামকৰণৰ বাবে অনুৰোধ জনাইছে।

Leave a Comment