মহানগৰীৰ মেঘদূত ভৱনত ৰহস্যজনক চুৰিকাণ্ড।
নিশা চুৰিকাণ্ড সংঘটিত হ’ল মেঘদূত ভৱনত।
মেঘদূত ভৱনৰ অনুসন্ধান কক্ষত চোৰৰ সিন্ধি।
৪ৰ্থ আৰু ৫ম মহলাত সোমাল চোৰ।
চোৰে চুৰি কৰি নিয়ে বহুখিনি গুৰুত্বপূৰ্ণ নথি-পত্ৰ।
বাহিৰত ছিকিউৰিটি আৰু ভিতৰত ভাৰতীয় ডাক বিভাগৰ কৰ্মচাৰী কাম কৰি থকাৰ পাছতো সংঘটিত হ’ল চুৰিকাণ্ড।
দেৱাল বগাই চুৰিকাণ্ড সংঘটিত কৰাৰ সন্দেহ৷
ইতিমধ্যে পানবজাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।









