ৰাজ্যসভা নিৰ্বাচন সম্পৰ্কত বিস্ফোৰক মন্তব্য বিধায়ক ৰকিবুল হুছেইনৰ।
তেওঁ কয়- বিধায়ক চুৰ নকৰিলে দ্বিতীয় খন আসনত বিৰোধীৰ জয় নিশ্চিত।হিচাপতকৈ বিৰোধীৰ তিনিখন আসন বেছি আছে।
প্ৰদেশ কংগ্ৰেছে গঠন কৰি দিয়া ৰাজ্যসভা উপ সমিতিৰ বৈঠক সমাপ্ত হোৱাৰ পিছতে ৰাজ্যসভাৰ প্ৰাৰ্থী সম্পৰ্কত এই মন্তব্য বিধায়ক গৰাকীৰ।
শুকুৰবাৰে সন্ধিয়া ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা বৈঠকত অসম বিধান সভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, দুই কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন ছিকদাৰ উপস্থিত আছিল।
সভাৰ অন্তত সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত বিৰোধীয়ে এগৰাকী উমৈহতীয়া প্ৰাৰ্থী দিয়াটো খাটাং বুলি কয় বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু উপ দলপতি ৰকিবুল হুছেইনে।
ৰকিবুল হুছেইনে লগতে জনাই যে, কংগ্ৰেছে ৰাজ্যসভাৰ প্ৰাৰ্থীত্ব সম্পৰ্কত বিৰোধী দল এআইইউডিএফ, ৰাইজৰ দল আৰু চিপিআই( এম) দলৰ বিধায়ক সকলৰ লগত আলোচনা কৰিব।









