পাঞ্জাব অভিমুখী ট্ৰাকৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চেগুন

নিউজ ডেস্ক। অসমৰ মাজেৰে বহিঃৰাজ্যলৈ অব্যাহত আছে চােৰাং কাঠৰ সৰবৰাহ।

বিশষকৈ ম্যানমাৰৰ পৰা মণিপুৰ, মিজােৰাম হৈ অসমত প্ৰৱেশ কৰে চােৰাং সােণ, বাৰ্মিজ চুপাৰী, বাৰ্মিজ চেগুনকে ধৰি বহু বিদেশী সামগ্ৰী।

বুজন পৰিমাণৰ ৰাজহ ফাঁকিত তথা অনুমতিবিহীনভাৱে এইসমূহ সামগ্ৰী চালান দিয়া হয় দেশৰ অন্যান্য ৰাজ্যৰ লগতে সীমান্তৱৰ্তী অন্যান্য দেশসমূহলৈ।

ইপিনে, শেহতীয়াকৈ বন বিভাগৰ অভিযানত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ বাৰ্মিজ চেগুন ভৰ্তি ট্ৰাক।

বৃহস্পতিবাৰে কোকৰাঝাৰ হল্টুগাঁও বন সংমণ্ডলীক বিভাগৰ ৰেঞ্জাৰ অজয় নাৰ্জাৰীৰ নেতৃত্বত বিষমুৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা এক অভিযানত পাঞ্জাব অভিমুখে চোৰাং কৈ লৈ যোৱাৰ অৱস্থাত এখন চৈধ্য চকীয়া PB 02 DF 7504 নম্বৰৰ ট্ৰাকখনৰ পৰা প্ৰায় ৫ লাখ টকাৰ মূল্যবান চেগুন কাঠ জব্দ কৰে বন বিভাগে।

ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে বন বিভাগে।

Leave a Comment