সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত জব্দ ৫৪লাখ টকাৰ গাঞ্জা।
গোপন তথ্যৰ ভিত্তিত অভিযান চলাই বিএছএফ আৰু ডিআৰআই কাছাৰ জিলাত বুজণ পৰিমাণৰ গাঞ্জা জব্দ কৰিছে৷
কাছাৰ-মিজোৰাম ফ্ৰন্টিয়াৰ বিএছএফৰ ১নং বেটেলিয়ন আৰু শিলচৰস্থিত ডি আৰ আই য়ে যুটীয়া অভিযান চলাই কাছাৰৰ কাটিগৰা গুমৰাৰ পৰা জব্দ কৰা হয় গাঞ্জা খিনি৷
BR 01GC- 9385 নম্বৰৰ ট্ৰাকৰ পৰা জব্দ কৰা হয় ৩ (তিনি) কুইন্টল ৬০ কিলোগ্ৰাম গাঞ্জা৷
ট্ৰাকখনৰ গোপন কেবিনত ৪৮ টা পেকেটত লুকুৱাই আনিছিল গাঞ্জাখিনি৷
জব্দ কৰা গাঞ্জা খিনিৰ মূল্য ৫৪ লাখ টকা হব বুলি সদৰী কৰিছে বিএছএফে৷
ত্ৰিপুৰাৰ পৰা বিহাৰলৈ নিয়াৰ সময়ত অভিযানকাৰী দলটোৱে গুমৰাৰ এটি পেট্ৰল পাম্পৰ সমীপৰ পৰা জব্দ কৰে এই বুজণ পৰিমাণৰ গাঞ্জ খিনি৷
গাঞ্জাৰ সৈতে ট্ৰাকৰ চালক জনকো আটক কৰা হয়৷ চালক জনৰ ঘৰ বিহাৰত বুলি সদৰী কৰে বিএছএফে।









