টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান…

টৰেণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।

ডিমাছা ভাষাৰ ছবি ‘ছেমখোৰ’ (Semkhor)ৰ বাবে এই সন্মান লাভ কৰে অভিনেত্ৰীগৰাকীয়ে।

‘ছেমখোৰ’ (‘Semkhor’) আইমী বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথমখন ডিমাচা ভাষাৰ চলচ্চিত্ৰ।

আইমীয়ে ছবিখনত কেৱল অভিনয় কৰাই নহয় পৰিচালনাৰ দায়িদ্বতো আছিল।

চলচ্চিত্ৰখন ডিমাচা সম্প্ৰদায়ৰ সাংস্কৃতিক আৰু পৰম্পৰাগত দিশ আৰু তেওঁলোকৰ ঐতিহ্যক পৰিস্ফুট কৰি নিৰ্মাণ কৰা হৈছে। 

Image

মলতঃ চেমচা জনজাতিৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছিল এই ছবিখন।

উল্লেখ্য যে, এই ‘ছেমখোৰ’ ছবিখনে টেগৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলতো ৩টা শিতানত সন্মান লাভ কৰিছিল।

এইবাৰ পুনৰ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰাটো এক ডাঙৰ সাফল্য ৰূপে পৰিগণিত হৈছে।

Leave a Comment