মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল সাংসদ আব্দুল খালেকৰ…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল বৰপেটাৰ সাংসদ আব্দুল খালেকৰ।

গৰুখুটিৰ উচ্ছেদক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিতৰ্কিত মন্তব্য কৰি সংবিধান উলংঘা কৰা বুলি উল্লেখ কৰি এজাহাৰ দাখিল কৰিছে বৰপেটাৰ সাংসদ গৰাকীয়ে।

২০২১ চনৰ ১০ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁৱত গৰুখুটিৰ উচ্ছেদ ১৯৮৩ চনৰ ঘটনাৰ প্ৰতিষোধ হিচাপে অভিহিত কৰা বুলিও এজাহাৰত উল্লেখ কৰে সাংসদ আব্দুল খালেকে।

গৰুখুটিৰ উচ্ছেদত মইনুল হক আৰু শ্বেইখ ফাৰিদৰ মৃত্যু হোৱাৰ লগতে বহু ঘৰ জ্বলাই দিয়া হৈছিল আৰু এনে বৰ্বৰ ঘটনাক প্ৰতিষোধ হিচাপে অভিহিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হত্যাক সমৰ্থন কৰাই নহয় সমগ্ৰ ঘটনাক সাম্প্ৰদায়িক ৰহণ সানি মুছলমান জনসাধাৰণক লক্ষ্য কৰি লৈছে বুলি এজাহাৰত অভিযোগ উত্থাপন কৰে আব্দুল খালেকে।

এজাহাৰত সাংসদ খালেকে মইনুল হকৰ ওপৰত ফটোগ্ৰাফাৰে জপিয়াই পৰাৰ বিষটোও উল্লেখ কৰে।

গৰুখুটিৰ ঘটনাক ১৯৮৩ৰ প্ৰতিষোধ হিচাপে মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰা কাৰ্য্যই ভবিষ্যত দিনত ৰাজ্যখনত আৰু অধিক এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত ইন্ধন যোগাব বুলিও উল্লেখ কৰে সাংসদ খালেকে।

ৰাজহুৱাভাৱে এনেধৰণৰ ঐক্য-সম্প্ৰীতি বিনষ্ট কৰিব পৰা মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় দণ্ডবিধি আইনৰ ১৫৩ আৰু ১৫৩-এ ধাৰাও উলংঘা কৰা বুলি এজাহাৰত সদৰী কৰে সাংসদ গৰাকীয়ে।

Leave a Comment