মৰ্মান্তিক! বিষাক্ত সাপৰ দংশনত প্ৰাণ গ’ল কিশোৰীৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

সৰ্প দংশনৰ পিছত চিকিৎসাত পলম হােৱাৰ বাবেই কৰুণ মৃত্যুক আঁকােৱালি ল’লে এগৰাকী ১৫ বছৰীয়া কিশােৰীয়ে।

এই ঘটনাৰ স্থান শোণিতপুৰ জিলাৰ ৰৌমাৰি।

জানিব পৰা মতে, ৰৌমাৰীৰ মিখাইল ধান আৰু জেছিল ধানৰ কন্যা জিমিতা ধানে দিনৰ প্ৰায় ১২ বজাত নিজ ঘৰতে কাম কৰি থকাৰ সময়তে এডাল সাপে দংশন কৰে।

image 125
মৰ্মান্তিক! বিষাক্ত সাপৰ দংশনত প্ৰাণ গ’ল কিশোৰীৰ 5

ঘৰত পিতৃ-মাতৃ নথকা সময়ত জিমিতাই ঘৰৰ এখন বেৰ লিপি আছিল।

তেনে সময়তে কিশােৰীগৰাকীক এডাল সাপে দংশন কৰে।

image 126
মৰ্মান্তিক! বিষাক্ত সাপৰ দংশনত প্ৰাণ গ’ল কিশোৰীৰ 6

ককায়েকৰ স’তে ঘৰত থকা কিশোৰীগৰাকীয়ে প্ৰথমতে এয়া অবিষাক্ত ধোৰা সাপৰ দংশন বুলি ভাবি বিষয়টোৰ প্ৰতি গুৰুত্ব দিয়া নাছিল যদিও সময় অতিবাহিত হোৱাৰ লগে লগে যন্ত্রণা বৃদ্ধি পাবলৈ লয়।

ক্রমান্বয়ে শাৰীৰিক অৱস্থাৰ অৱনতি ঘটা কিশোৰীগৰাকীক প্ৰকৃততে বিষাক্ত ফেটী সাপে দংশন কৰাৰ লক্ষণ স্পষ্ট হোৱাত তেওঁক ততাতৈয়াকৈ তেজপুৰ ব্যাপ্টিষ্ট মিছন হাস্পতাললৈ আনে যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই কিশোৰী জিমিতাৰ মৃত্যু ঘটে।

মৃত কিশােৰীগৰাকী স্থানীয় মানশিৰী হাইস্কুলৰ নৱম শ্ৰেণীত অধ্যনৰত আছিল।

এই ঘটনাই অঞ্চলজুৰি তীব্ৰ শােকৰ ছাঁ পেলাইছে।

এই ঘটনাত গভীৰ শােক প্ৰকাশ কৰি সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে সৰ্প দংশনৰ ঘটনাক সহজভাৱে নলয়, অনতিপলমে চিকিৎসকা গ্ৰহণৰ বাবে আহ্বান জনাইছে।

লগতে চাওকঃ

শোকাবহ! বাইক আৰোহীক বচাবলৈ গৈ ট্ৰাকত প্ৰচণ্ড খুন্দা এটা পৰিয়ালে যাত্ৰা কৰা বাহনৰ, দুবছৰীয়া সন্তানসহ পিতৃৰ কৰুণ মৃত্যু

jaunpur
মৰ্মান্তিক! বিষাক্ত সাপৰ দংশনত প্ৰাণ গ’ল কিশোৰীৰ 7

ক’ত গ’ল মামু বেগম? দুসপ্তাহ ধৰি সন্ধানহীন হৈ থকা বোৱাৰীগৰাকীক বিচাৰি হাহাকাৰ পৰিয়ালৰ…

photo1668599015
মৰ্মান্তিক! বিষাক্ত সাপৰ দংশনত প্ৰাণ গ’ল কিশোৰীৰ 8