
নিউজ ডেস্ক। দৰং জিলাৰ ছিপাঝাৰ-বিজুলীবাৰীত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দূৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খালত পৰিল চুইফট ডিজায়াৰ বাহন।
এই দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা বাহনখনত থকা দুজন লােকৰ।

জানিব পৰা মতে, ছিপাঝাৰৰ মাৰৈ বিজুলীবাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে আবেলি ৩ মান বজাত এই দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাটোত সামান্যভাৱে আহত হয় দুই আৰোহী।
গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে গৈ আছিল এএছ ০১ই জে৬১০১ নম্বৰ চুইফট ডিজায়াৰ বাহনখন।
ঘটনাস্থলীত ছিপাঝাৰ আৰক্ষী উপস্থিত হৈ বাহনখন খাৱৈৰ পৰা উদ্ধাৰ কৰে।