অসম
ৰাষ্ট্ৰীয় ঘাইপথৰ ভয়ংকৰ দুৰ্ঘটনা! দ্ৰুতবেগী মাৰুতি ভানৰ খুন্দাত থিতাতে প্ৰাণ গ’ল এগৰাকী মহিলাৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।
দ্ৰুতবেগী মাৰুতি ভানৰ খুন্দাত থিতাতে প্ৰাণ গ’ল এগৰাকী মহিলাৰ।
শিলচৰ-হাফলং ৰাষ্ট্ৰীয় ঘাইপথৰ ডলুত নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
দ্ৰুতবেগী মাৰুতি ভানৰ খুন্দাত থিতাতে প্ৰাণ গ’ল বাসন্তী শুক্লবৈদ্য নামৰ এগৰাকী মহিলাৰ।
ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজে অৱৰোধ কৰে পথ। অৱশেষত আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ বুজনিত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি।
আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়নৰ চেষ্টা কৰোতেই নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰে মাৰুতি বাহনখন।
ফলত গুৰুতৰভাৱে আহত হয় চালকসহ দুজন লোক।
আৰক্ষী উপস্থিত হৈ বাহনসহ উদ্ধাৰ কৰি আহত দুজনক চিকিৎসাৰ ব্যৱস্থা কৰে।