ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ ৰাজ্যৰ ১১ লাখ মহিলাই লাভ কৰিব ২৫ হাজাৰকৈ টকা…

ধেমাজিত ৰাজ্য চৰকাৰৰ কেবিনেটৰ বৈঠক।

বৈঠকৰ পাছতে সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

প্রথমবাৰৰ বাবে ৰাজধানী দিছপুৰৰ বাহিৰত অনুষ্ঠিত হয় কেবিনেট বৈঠক।

আজিৰ কেবিনেটৰ সিদ্ধান্ত সমূহ এনে ধৰণৰ………..

নৱেম্বৰৰ প্ৰথম সপ্তাহত পৰৱৰ্তী কেবিনেট।

বঙাইগাঁৱত হ’ব পৰৱৰ্তী কেবিনেট।

বঙাইগাঁৱত যোৱাৰ এদিন আগত আমি নামনি অসমৰ জিলাবোৰলৈ যাম। আৰু ঘূৰি আহোতে আমি গোৱালপাৰাই দি ঘূৰি আহিম।

প্ৰতিমাহত দিছপুৰৰ বাহিৰত এখনকৈ বৈঠক

ডিচেম্বৰত হাফলঙত হ’ব কেবিনেট বৈঠক

অবিচি চাৰ্টিফিকেট ইমান দিনে অবিচি ব’ৰ্ডে দি আহিছিল, কিন্তু এতিয়াৰে পৰা জনগোষ্ঠীটোৱে দিব পাৰিব প্ৰমাণ পত্ৰ।

উদাহৰণস্বৰূপে মটকৰ অ’বিচি চাৰ্টিফিকেটখনৰ বাবে সদৌ অসম মটক সন্মিলনৰ ওপৰত দায়িত্ব দিয়া হৈছে আৰু ডিচিয়ে চহী কৰিব।

ধেমাজি জিলাত দুটা ট্ৰাইবেল বেল্ট আৰু ব্ল’ক আছে।

এই দুয়োটা ট্ৰাইবেল বেল্ট এণ্ড ব্ল’কত এতিয়াৰে পৰা তাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু গোৰ্খাসকলে মাটি-বাৰী কিনা-বেচা কৰিব পাৰিব।

ট্ৰাইবেল বেল্টৰ মাটি বিক্ৰীক লৈ নতুন সিদ্ধান্ত।

৮৯ গাঁৱক লৈ নতুন ট্ৰাইবেল বেল্ট গঠন।

২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা।

কাগজ কলৰ বাবে ৭০০ কোটিৰ পেকেজ দিয়া হ’ব বুলি সিদ্ধান্ত।

বান নিয়ন্ত্ৰণৰ বাবে ১৫০ কোটি টকা কাৰ্য।

ধেমাজিৰ বাবে ৪৩৩ কোটি ধাৰ্য কৰা হৈছে বৈঠকত।

ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ বাবে ৫০ কোটি ধাৰ্য।

ধেমাজিত হ’ব এখন মেডিকেল কলেজ।তাৰ ব্যয় প্ৰায় ৫৫০-৬০০ কোটি টকা হ’ব।

১৮৩ কোটি ধাৰ্য জিলাখনৰ চাৰি সমষ্টিক সামৰি পথ নিৰ্মাণৰ বাবে।

৫০ কোটি টকাৰে ধেমাজিত হ’ব নতুন ষ্টেডিয়াম।

ডিব্ৰুগড়, শিলচৰ পৌৰসভা পৌৰ নিগমলৈ উন্নীত।

মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে ১৮০০ কোটি টকা।

১১ লাখ মহিলাই পাব ২৫ হাজাৰকৈ টকা।

জোনাইৰ পৰা মাজুলীলৈ মথাউৰিৰ ওপৰেৰে হ’ব এটা পথ।

জোনাই, ধেমাজি, মাজুলী, ঢকুৱাখনা চাৰিওটা সমষ্টি সামৰি ল’ব।

ইয়াৰ বাবে ১৮৩ কোটি টকা ব্যয় কৰা হ’ব।

কেবিনেট বৈঠকখন সুন্দৰভাৱে পৰিচালনাৰ সুযোগ দিয়াৰ বাবে ধেমাজিবাসীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী শৰ্মাই।

Leave a Comment