ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ পয়ালগা অৱস্থা! প্ৰসূতিৰ মৃত্যুৰ ক্ষেত্ৰত দেশৰ প্ৰথম স্থানত অসম…

ৰাজ্যৰ চৌদিশে উন্নয়নৰ জয়গান গাই থকাৰ সময়তে পোহৰলৈ আহিছে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ এক পুতৌ লগা ছবি।
সূতিৰ মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থানত আছে আমাৰ ৰাজ্য অসম।
দেশৰ মহাপঞ্জীয়কৰ কাৰ্যালয়ে ২০১৮-২০২০ বৰ্ষৰ বাবে মুকলি কৰা এক প্ৰতিবেদনত প্ৰসূতিৰ মৃত্যুৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ স্থানত আছে অসম।
উল্লেখ্য যে, ২০১৮-২০ বৰ্ষত অসমত প্ৰসূতি মৃত্যুৰ অনুপাত হ’ল ১৯৫।
যিটো ৰাষ্ট্ৰীয় অনুপাতৰ তুলনাত দুগুণতকৈও অধিক। ৰাষ্ট্ৰীয় অনুপাত হৈছে ৯৭।
আনহাতে, অসমৰ পিছতে স্থান লাভ কৰিছে মধ্যপ্ৰদেশ(১৭৩), উত্তৰ প্ৰদেশ (১৬৭), ছত্তীশগড় (১৩৭), ওড়িশা (১১৯), বিহাৰ (১১৮), ৰাজস্থান (১১৩), হাৰিয়ান (১১০), পঞ্জাৱ (১০৫), পশ্চিমবংগ (১০৩)।
কেৱল এই ৰাজ্য কেইখনতে প্ৰসূতি মৃত্যুৰ অনুপাত শতকৰ ঘৰ স্পৰ্শ কৰাৰ বিপৰীতে আন সকলো ৰাজ্যত এই অনুপাত দশকৰ ঘৰতে সীমাবদ্ধ হোৱা দেখা গৈছে।
আনহাতে দেশৰ ভিতৰতে আটাইতকৈ কম প্ৰসূতি মৃত্যুৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে কেৰালাই।