বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক।
শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে।
ধেমাজীৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ ৰাজ্যিক কেবিনেটৰ।
নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰাৰ সিদ্ধান্ত গ্ৰহণ।
ঘটনাৰ তদন্তৰ বাবে বিশেষ আৰক্ষী সঞ্চালক জি পি সিঙক দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ।
আনহাতে ২৭ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ শিক্ষাখণ্ডৰে জড়িত সকলো শিক্ষক-কৰ্মচাৰীৰ লগতে ১৮ বছৰৰ উৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভেকচিন প্ৰদান শিবিৰ আৰম্ভ হ’ব।
১ ছেপ্তেম্বৰৰপৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ আৰম্ভ হ’ব পাঠদান।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ নতুন নামাকৰণ। এতিয়াৰ পৰা বিভাগটোৰ নাম হ’ব বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগ।
গড়কাপ্তানী বিভাগ বা লোক নিৰ্মাণ বিভাগৰ কামৰ দায়িত্ব বাঢ়ি অহাৰ বাবে চৰকাৰে কিছু সিদ্ধান্ত লৈছে।









