ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ ৭০ সংগঠনৰ, মুনাফা অৰ্জনৰ বাবে ৰাইজৰ দল চলোৱাৰ অভিযোগ…

ৰাইজৰ দলৰ সংগ ত্যাগ ৭০টা সংগঠনৰ।

বিভিন্ন অভিযোগ উত্থাপন কৰি ৰাইজৰ দলৰ সংগ ত্যাগ কৰিলে ৭০টা সংগঠনে।

ৰাইজৰ দলৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৭০টা সংগঠনে ৰাইজৰ দল গঠনৰ বাবে দিয়া সমৰ্থন প্ৰত্যাহাৰ কৰে।

ৰাইজৰ দলৰ কেইবাগৰাকী কেন্দ্রীয় নেতৃত্বৰো দল ত্যাগ।

ৰাইজৰ দল নিজৰ নীতিৰ পৰা বিচলিত হোৱাৰ অভিযোগ।

নিজৰ মুনাফাৰ বাবে ৰাইজৰ দল চলোৱাৰ অভিযোগ উত্থাপন কৰিছে সংগঠন সমূহে।

লগতে আমছু নেতাক ৰাইজৰ দলৰ টিকট দিয়াক লৈ ক্ষোভ প্ৰকাশ কৰে দল সমূহে।

ৰাইজৰ দলৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰা দলসমূহ হৈছে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ,বৃহত্তৰ অসমীয়া যুৱ মঞ্চ,অসম সুৰক্ষা সেনা, গণ ঐক্য সংগ্ৰাম সমিতি,আসাম ইণ্ডিজিনিয়াছ পিপলচ প্ৰটেকচন সমিতি,অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ,কৃষক-শ্ৰমিক উন্নয়ন পৰিষদ, অবড়ো কছাৰি জাতীয় পৰিষদ আদিকে ধৰি ৭০ টা সংগঠনে এই সমৰ্থন প্ৰত্যাহাৰ কৰে।

Leave a Comment