fbpx
অসমঅসমীয়া

৫ দিন পূৰ্বে সন্তান প্ৰসৱ কৰা মহিলাৰ হাত বান্ধি নিৰ্যাতন, আটক স্বামীসহ ৪ জন

নিউজ ডেস্ক। পুনৰ স্বামীগৃহত চৰম নিৰ্যাতনৰ বলি হ’ল এগৰাকী মহিলা।

মাত্ৰ ৫ দিন পূৰ্বে এটি পুত্ৰ সন্তান জন্ম দিয়া মহিলাগৰাকীক হাত বান্ধি নিৰ্যাতনৰ অভিযােগ আত্মীয়ৰ।

মহিলাগৰকীৰ ওপৰত চলােৱা এনে নিৰ্যাতনৰ বিৰুদ্ধে এজাহাৰৰ পিছতে স্বামী, শাহু শহুৰসহ চাৰিজনক আটক।

এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অধীনৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত গুইমাৰাত।

নির্যাতিত মহিলাগৰাকী হৈছে গুইমাৰাৰ সমীন দাসৰ পত্নী তৰালি কলিতা দাস।

জানিব পৰামতে, সমীপৱৰ্তী ৰামপুৰৰ আমুদপুৰ নিবাসী দ্বিজেন চন্দ্র কলিতা আৰু পুলমা কলিতাৰ জীয়ৰী তৰালি কলিতা প্ৰায় এবছৰ পূর্বে সমীন দাসৰ সৈতে সামাজিকভাৱে বিবাহপাশত আবদ্ধ হৈছিল।

বিবাহৰ পিচৰে পৰা তৰালিক সাধাৰণ কথাতে স্বামীৰ পৰিয়ালে শাৰীৰিক তথা মানসিকভাৱে নির্যাতন চলাই অহাৰ অভিযােগ উঠিছে।

তেনে সময়তে সােমবাৰে পুনৰ স্বামী সমীন দাসৰ লগতে শাহু শহুৰ, ভাই শহুৰেকে তৰালি কলিতা দাসৰ হাত পিচফালে বান্ধি তালিবানী কায়দাৰে নির্যাতন চলােৱা বুলি পােহৰলৈ আহে।

জানিব পৰামতে, তৰালিয়ে পাঁচ দিন পূর্বে এটি পুত্র সন্তান জন্ম দিছে।

তৰালিয়ে সুযোগ বুজি ভাতৃক এই কথা ফোনযোগে জনোৱাত বিজয়নগৰ আৰক্ষীৰ এটা দল পৰিয়ালটোত উপস্থিত হৈ হাত বন্ধা অৱস্থাতে নির্যাতিতা তৰালি কলিতা দাসক উদ্ধাৰ কৰে।

ইয়াৰ পিচত তৰালি কলিতা দাসে বিজয়নগৰ আৰক্ষী চকীত নিৰ্যাতনকাৰী ৪ জনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তিত বিজয়নগৰ আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামী, শাহু শহুৰ আৰু স্বামীৰ ককায়েকক আটক কৰি সোধা-পোছা আৰম্ভ কৰিছে।

অঞ্চলটোৰ ৰাইজে এই জঘন্য ঘটনাক গৰিহণা দি শীঘ্ৰে দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!