নৱবৰ্ষৰ প্ৰাকক্ষণত সুৰাপায়ীসকললৈ অসম আৰক্ষীৰ বিশেষ আহ্বান।
৩১ ডিচেম্বৰৰ নিশা নৱবৰ্ষ উদযাপনৰ নামত যাতে আইন উলংঘা নকৰে তাৰ প্ৰতি জনসাধাৰণলৈ এই আহ্বান জনাইছে অসম আৰক্ষীয়ে।
এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।
অসম আৰক্ষীয়ে ইয়াক লৈ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এক সজাগতামূলক আমন্ত্ৰণী পত্ৰ।
আমন্ত্ৰণী পত্ৰখনত লিখা হৈছে – ‘নৱবৰ্ষ উদযাপনৰ নামত আমাৰ আলহী নহ’বলৈ চেষ্টা কৰক। সুৰাপান কৰি গাড়ী চলোৱা, দ্ৰুতগতিত গাড়ী চলোৱা আৰু অন্যান্য নিয়ম ভংগকাৰীৰ বাবে এন্ট্ৰী ফ্ৰী।… স্থান – আপোনাৰ ওচৰৰ আৰক্ষী থানা।’

আমোদজনকভাৱে লিখা এই আমন্ত্ৰণী পত্ৰত আৰক্ষীৰ মেন্যুত কি থাকিব সেয়াও উল্লেখ কৰা হৈছে।
সম্পূৰ্ণ নিউ ইয়েৰ পাৰ্টীৰ আমন্ত্ৰণী পত্ৰৰ আৰ্হিত আৰক্ষীয়ে এই সকীয়নি পত্ৰ প্ৰস্তুত কৰি শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।