fbpx
অসম

২৭ মাৰ্চৰ পৰা সন্ধানহীন হৈ থকা ঋতুৰাজ বৰা আলফাত যোগদানৰ সন্দেহ…

অসমীয়া যুৱক-যুৱতীৰ মাজত বৃদ্ধি পাইছে অৰণ্য গমনৰ প্ৰৱনতা।

বিগত কিছুদিনৰ পৰা অসমীয়া যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগ দিয়াৰ দৈনিক খবৰ প্ৰকাশ পাইছে।

এইবাৰ পুনৰ নুমলীগড়ৰ মৰঙীৰ এজন যুৱক আলফাত যোগদানৰ সন্দেহ কৰা হৈছে।

সন্ধানহীন হৈ থকা যুৱকজন হৈছে ঋতুৰাজ বৰা।

যোৱা ২৭ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে ঋতুৰাজ।

গুৱাহাটীৰ গোটানগৰৰ পৰা বাইকসহ নিখোজ হয় ঋতুৰাজ।

ঋতুৰাজে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

কিয়নো নাগালেণ্ডৰ মন জিলাত পোৱা গৈছিল ঋতুৰাজৰ মোবাইলৰ শেষ অৱস্থিতি।

ঋতুৰাজৰ আলফা গমনৰ খবৰে হাহাকাৰ লগাইছে পৰিয়ালৰ মাজত।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!