২০ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন, ৪২ লাখ কাৰ্যকৰ্তাই ঘৰে ঘৰে কৰিব বন্তি প্ৰজ্বলন…

২০ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন।

২০ দিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মদিন উদযাপন কৰিব ৰাজ্যিক বিজেপিয়ে।

এই ২০ দিনৰ প্ৰতিটো দিনতে একোটাকৈ কাৰ্যসূচী ঘোষণা হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনৰ।

১৭ ছেপ্তেম্বৰৰ পৰা ২০ দিন ধৰি উদযাপন কৰিব প্ৰধানমন্ত্ৰী মোডীৰ ৭১ বাৰ্ষিক জন্মদিন।

সোমবাৰে হেঙেৰাবাৰীত আয়োজিত এক সংবাদমেলত উপ-সভাপতি জয়ন্ত দাসে কয়- জন্মদিন উপলক্ষে বিজেপিৰ ৩৯খন সাংগঠনিক জিলাৰ কৰ্মকৰ্তাই সেৱাই সংগঠন কাৰ্যসূচী পালন কৰিব।

মোডীৰ জন্মদিনৰ দিনা ৰাজ্যৰ ১৫ হাজাৰ বুথৰ অন্তৰ্গত নামঘৰ বা মন্দিৰত শৰাই আগবঢ়াব দলীয় কৰ্মকৰ্তাই।

১৮ ছেপ্টেম্বৰৰ দিনা ৰাজ্যজুৰি বিশ্বকৰ্মা পূজাৰ প্ৰতিমা বিসৰ্জনৰ লগতে চাফাই অভিযান চলাব।

ইপিনে, প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি অসমৰ পৰা ১০ লাখ প’ষ্ট কাৰ্ড প্ৰেৰণ কৰিব বিজেপি কৰ্মকৰ্তাই।

ইয়াৰ উপৰি জন্মদিনৰ উপলক্ষে বিজেপিৰ ৫ হাজাৰ যুৱকৰ ৰক্তদান, দিব্যাংগসকলৰ মাজত প্ৰয়োজনীয় সাহাৰ্য সামগ্ৰীৰ লগতে গাৱেঁ গাঁৱে গৈ মহিলাসকলক আইৰণ টেবলেট প্ৰদান কৰিব বুলি সংবাদমেলত জানিবলৈ দিয়ে৷

আনহাতে ৪২ লাখ কাৰ্যকৰ্তাই ঘৰে ঘৰে সন্ধিয়া কৰিব বন্তি প্ৰজ্বলন।

Leave a Comment